প্ৰযুক্তিলাইফষ্টাইলস্বাস্থ্য

ৰোগ নির্ণয় কৰিব স্মার্ট ফোনে

মাত্ৰ দহ ছেকেণ্ডৰ ভিতৰতে জানিব পৰা যাব এইচ আই ভিত আক্রান্ত হয় নে নহয়। পৰীক্ষাটো হব কেৱল এটা স্মার্ট ফোনৰ দ্বাৰা। সম্প্রতি ইংলেণ্ডৰ বিজ্ঞানীসকলে এই কথা জানিবলৈ দিছে। বিজ্ঞানীৰ দলটোৱে জানিবলৈ দিয়া মতে, ৰোগীৰ এটোপাল তেজৰ দ্বাৰাই স্মার্ট ফোনটোৱে জনাই দিব পাৰিব এইচ আইভিত আক্রান্ত হয় নে নহয়। এইটো কিন্তু কোনো এটা এপ নহয়, স্মার্টফোনত থকা একধৰণ উপাদান চাৰফেচ একাউষ্টিক ৱেভ বায়চিপৰ মাধ্যমেৰে এই পৰীক্ষা কৰা যাব। এই প্রযুক্তিৰ মাধ্যমেৰে অতি দ্রুততাৰে ধৰা পৰে যে কোনো ব্যক্তি এইচ আই ভিত আক্রান্ত হয় নে নহয়। এইচ আই ভিৰ পৰীক্ষা অতি দীঘলীয়া হয়। কিন্তু বিজ্ঞানীৰ দলটোৰ গৱেষণাৰ ফলত এই নতুন সহজলভ্য দ্রুত পৰীক্ষা কৰাৰ উপাই আৱিষ্কাৰ কৰা হৈছে। বিজ্ঞানী ভিন্স এমেৰিয়ে জানিবলৈ দিয়া মতে কেৱল এইচ আই ভিয়ে নহয় ৰোগীৰৰ ৰক্তত জিকাবাইবলা ভাইৰাছ আছে নে নাই সেইটোও কৈ দিব পাৰিব এই নতুন প্রযুক্তিটোৱে। তথাপিও এই বিষয়ত আৰু অনেক পৰীক্ষামূলক স্তৰ এতিয়াও বাকী আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close