অসমবিশেষ

অসমৰ এখন সৈনিকৰ গাঁও

হাছিনুৰ আলম

ঘৰৰ ডাঙৰ ল’ৰাটো যদি দেশৰ বাবে শ্বহীদ হয়। তেন্তে তেওঁৰ ভায়েকক দেশৰ নামত উছৰ্গা কৰা বাতৰি আমি প্ৰায়েই পাওঁ। কিন্তু কেৱল এখন ঘৰেই নহয়, সমগ্ৰ গাঁওখনেই নিজৰ এটি সন্তানক দেশৰ নামত উছৰ্গা কৰি আহিছে। সেয়া পঞ্জাবৰ কথা নহয়। পঞ্জাবৰ দৰে এইখন অসমতো আছে এখন সৈনিকৰ গাঁও। গাঁওখন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁও। বৰদেউৰী গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে কোনোবা নহয় কোনোবা নিয়োজিত হৈ আছে দেশৰ নিৰাপত্তা বাহিনীত। সমগ্ৰ অসমৰ ভিতৰতে এখন সু-বৃহৎ গাঁও হৈছে নাৰায়ণপুৰৰ বৰদেউৰী গাঁও। গাঁওখনৰ প্ৰজন্মৰ পিছত প্রজন্মৰ কান্ধত যেন দেশ ৰক্ষাৰ গধুৰ দায়িত্ব। কোনোবা এজনে যদি অৱসৰ গ্ৰহণ কৰিছে তাৰ ঠাইত আকৌ তিনিজনে নতুনকৈ যোগদান কৰিছে দেশৰ নিৰাপত্তা বাহিনীত। দেশৰ হকে প্রাণ আহুতিও দিছে গাঁওখনৰ বহুতে। গাঁওখনত দেখিবলৈ পোৱা যায় দেশপ্রেমৰ এক অপূর্ব নিদর্শন। এজন সৈনিকৰ ঘৰৰ গেটখনতেই দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ তিনি বৰণীয়া ৰং আৰু ভাৰতীয় সেনাৰ প্রতীকপটেৰে আকৰ্ষণীয় ৰূপত সজাই ৰখা হৈছে ঘৰখনৰ চৌপাশ। গাঁওখনৰ কোনোবা ঘৰৰ পৰা যদি দুজনে সৈনিকত চাকৰি কৰি আছে আন কোনোবা ঘৰৰ পৰা আকৌ চাৰি সন্তানৰ চাৰিওজনেই নিয়োজিত হৈ আছে সৈন্য বাহিনীত। সেইসকল সুযোগ্য সন্তানৰ পিতৃ-মাতৃৰ চকুৰে প্ৰায়েই বয় চকুলো। কোনোবাজনে যদি নিজ সন্তানক চকুৰ পৰা আঁতৰত ৰখাৰ দুখত চকুলো টুকিছে আন কোনোবাৰ আকৌ সৈনিকৰ পিতৃ বা মাতৃ হোৱাৰ গৌৰৱত দুচকু সেমেকি উঠিছে। গাঁওখনৰ দিব্যজ্যোতি দেউৰী নামৰ সৈনিকজনে কাশ্মীৰত দেশৰ হকে যুঁজি ইতিমধ্যে প্রাণ আহুতি দিছে। সেইগৰাকী ছহিদৰ স্মৃতিত তেওঁৰ ঘৰৰ চোতালত নির্মাণ কৰা স্মৃতিসৌধেই যেন বহন কৰিছে দেশপ্ৰেমৰ সেই গৌৰৱ আৰু অহংকাৰ। সেইগৰাকী সৈনিকৰ মাতৃৰ দুচকুৰে নিজ সন্তানক হেৰুৱাৰ বাবে বিষাদৰ অশ্রু নিগৰিলেও কিন্তু এইগৰাকী মাতৃ গৌৰৱান্বিত আন তিনিগৰাকী পুত্ৰক দেশৰ প্ৰতিৰক্ষালৈ আগবঢ়ায়। দেশৰ বাবে অহৰহ যুঁজি থকা নিজৰ মনৰ মানুহজনক লৈয়ো গর্বিত সৈনিসকলৰ পত্নী। সততে ঘৰলৈ আহিব নোৱাৰা সেইসকল যোদ্ধালৈ মনত পৰিলেই কি কণমানি কি জ্যেষ্ঠ সকলো যেন এক প্রকাৰ আৱেগিক হৈ পৰে। সেয়ে ঘৰৰ বেৰ অথবা দেৱালত আঁৰি ৰাখে সেইসকল বীৰ পুৰুষৰ ফটো। গাঁওখনৰ নতুন প্রজন্মৰ মাজতো সেই একেই উৎসাহ, একেই হেঁপাহ। আগৰ প্ৰজন্মই দেখুৱাই যোৱা বাটেৰেই খোজ দিব খোজে তেওঁলোকে। দেশ ৰক্ষাৰ কামত নিয়োজিত কৰিবলৈ সৈনিকৰ চাকৰিত যোগদানৰ বাবে আগ্রহী গাঁওখনৰ বহু কিশোৰো। গাঁওখনৰ প্ৰতিঘৰতেই কোনোবা নহয় কোনোবা নিয়োজিত হৈ আছে দেশৰ প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন এজেঞ্চিত। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি সম্প্রতি গাঁওখনৰ চাৰিশ সাতাইশ গৰাকী যুৱকে দেশৰ প্ৰতিৰক্ষা এজেঞ্চিত কাম কৰি দেশৰ হকে সেৱা আগঢ়াই আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close