অসমবিশেষশীৰ্ষ

অসম জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন

পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপজা দিনৰ লগত সংগতি ৰাখি অসম জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাৰ পৰা আৰম্ভ হােৱা কাৰ্যসূচীৰ প্ৰথমতে অংকুৰ, প্রাক-প্রাথমিক আৰু প্রথম শ্রেণীৰ শিক্ষার্থীসকলৰ ‘ভেশছন’ প্রতিযােগিতা অনুষ্ঠিত হয়। তাৰ পাছত দ্বিতীয়ৰ পৰা পঞ্চম শ্রেণীৰ শিক্ষার্থীৰ মাজত চিত্রাংকন আৰু আকস্মিক বক্তৃতা প্রতিযােগিতা, ষষ্ঠ শ্রেণীৰ পৰা নৱম শ্ৰেণীৰ শিক্ষার্থীসকলৰ মাজত বিভিন্ন শিতানত সাহিত্য প্রতিযােগিতা অনুষ্ঠিত হয়।

এই দিনটোতে তৃতীয় শ্রেণীৰ পৰা নৱম শ্ৰেণীৰ শিক্ষার্থীসকলৰ দ্বাৰা লিখিত আৰু সম্পাদিত হাতে লিখা আলােচনীৰ প্রদর্শনী অনুষ্ঠিত হয়। এই প্রদর্শনীৰ দ্বাৰ মুকলি কৰে গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট গল্পকাৰ অৰূপ কুমাৰ নাথ আৰু “দৈনিক অসম’ কাকতৰ উপ-সম্পাদক, লেখক বিদ্যুৎ বৰুণ শৰ্মাই। আনহাতে বিদ্যালয়ৰ শিক্ষার্থীসকলে প্ৰস্তুত কৰা ভাস্কর্য আৰু শিল্পকলাৰ এখনি প্রদর্শনী আৰু বিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষকসকলে প্ৰস্তুত কৰি উলিওৱা শিক্ষণ সঁজুলিৰ প্রদর্শনী অনুষ্ঠিত হয়। উক্ত দুয়ােখন প্রদর্শনীৰে দ্বাৰ মুকলি কৰে বিদ্যালয়ৰ শৈক্ষিক বিষয়া নৰেন্দ্রমােহন গােস্বামীয়ে। প্রদর্শনীৰ দ্বাৰ মুকলি কৰি তেওঁ শিক্ষক আৰু শিক্ষার্থীসকলৰ কৰ্মৰাজিৰ প্রশংসা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close