আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

ৱেটাৰৰ ৰূপত তিনিটা বান্দৰ

এখন ব্যতিক্রমী ৰেস্তোৰেন্ট। বাহিৰৰ পৰা দেখিবলৈ অন্য ৰেস্তোৰেণ্টৰ দৰে হ’লেও ইয়াৰ ভিতৰতাে কিন্তু অইন ৰেস্তোৰেণ্টৰ তুলনাত যথেষ্ট পৃথক। কিয়নাে এই ৰেস্তোৰেণ্টত ৱেটাৰৰ ৰূপত কোনাে পুৰুষ বা মহিলা নাই। ৰেস্তোৰেণ্টখনৰ ৱেটাৰৰ পদত আছে তিনিটাকৈ বান্দৰ। হয়তাে কথাষাৰ শুনি আপুনি আচৰিত হৈছে। এয়া কোনাে সাধুকথাৰ কাহিনী নহয়। অবিশ্বাস্য যেন লাগিলেও এয়াই বাস্তৱ সত্য। এই ব্যতিক্রমী ৰেস্তোৰেণ্টখনৰ সন্ধান পােৱা গৈছে জাপানত। ৰেস্তোৰেণ্টখনৰ নাম কায়াবুকি টাভান। ৰেস্তোৰেণ্টখনত থকা তিনিটা বান্দৰে গ্ৰাহকসকলক অর্ডাৰ অনুযায়ী খাদ্যবস্তু যােগান ধৰে। ফুকু চেন’বুলি মতাৰ লগে লগেই বান্দৰৰূপী ৱেটাৰকেইজন হাজিৰ হয়। গ্রাহকৰ পছন্দ তথা অর্ডাৰ অনুযায়ী খােৱাবস্তু বা বিয়েৰ লৈ বান্দৰকেইটা খােৱা টেবুলত হাজিৰ হয়গৈ। কোনাে পাৰিশ্রমিক অবিহনেই বান্দৰকেইটাই কর্মসম্পাদন কৰি আহিছে। দিনটোৰ তিনি বেলাতেই সিহঁতক কল খাবলৈ দিলেই সিহঁত সন্তুষ্ট হৈ থাকে। মূলত এইবাৰূপী ৱেটাৰৰ বাবেই এই ৰেস্তোৰেণ্টখনত বিভিন্ন দেশী-বিদেশী পর্যটকে আহি ভিৰ কৰে। যিসকলৰ এই ৰেস্তোৰেণ্ট সম্পর্কে জ্ঞাত নহয় বা প্রথমবাৰ ৰেস্তোৰেণ্টলৈ আহে তেওঁলােকে ইয়াৰ পৰিৱেশ দেখি কিছু সময়ৰ বাবে হলেও অবাক হৈ পৰে। জাপানৰ এই ব্যতিক্রমী ৰেস্তোৰেণ্টখনৰ মূল আকর্ষণৰ কেন্দ্রবিন্দু হৈছে ৱেটাৰৰূপী বান্দৰ ফুকু চেন। মাত্র তিনি বছৰ বয়সতেই এই বান্দৰটোক ৰেস্তোৰেণ্টৰ মালিক ইয়াক চেনে লৈ আহিছিল। মালিক ইয়াক চেনে লক্ষ্য কৰিছিল যে বান্দৰটোৱে তেওঁক হুবহু নকল কৰিব লৈছে। মালিক চেনে কৰা প্ৰতিটো কামেই বান্দৰটোৱে নিয়াৰিকৈ কৰি গৈছে। ইয়াৰ পিছতেই তেওঁ এই বান্দৰক লৈয়ে ৰেস্তোৰেণ্টখন মুকলি কৰে। বর্তমান ৰেস্তোৰেণ্টখনৰ প্রতিটো কামেই বান্দৰকেইটাই নিয়াৰিকৈ কৰি গৈছে। কেৱল ৱেটাৰৰ কামেই নহয়, এই ফুকু চেনে মাজে সময়ে বলৰ ওপৰত বেলেন্স কৰা, লং জাম্প, বিভিন্ন খেল-ধেমালি কৰি উপস্থিত ৰাইজক মন্ত্রমুগ্ধ কৰে। ৰেস্তোৰেণ্টত অহা প্রতিজন গ্রাহকে ফুকু চেনৰ লগত ফটো লােৱা, ছেলফি উঠোৱাত ব্যস্ত হৈ পৰে। সকলােৰে মাজত এতিয়া ফুকু চেন খুবেই জনপ্রিয়। মালিক ইয়াক চেৰনৰ ভাষ্য অনুসৰি এই বান্দৰসমূহ তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰেই। থকা, খােৱা ইত্যাদি সকলাে কাম সিহঁতৰ লগতে কৰে মালিক চেনে। এই বান্দৰকেইটা চেনৰ খুবেই প্রিয় আৰু সিহঁতৰ অবিহনে মালিক চেন সম্পূর্ণ আধৰুৱা বুলি মন্তব্য আগবঢ়ায়। উল্লেখ্য যে, যি সময়ত এচাম দুষ্কৃতিকাৰীয়ে বন্যপ্রাণীসমূহৰ ওপৰত নিধনযজ্ঞ অব্যাহত ৰাখিছে তেনে সময়তে জাপানৰ এইগৰাকী ইয়াক চেন নামৰ ব্যক্তিগৰাকীয়ে এই ব্যতিক্রমী পদক্ষেপে সকলােৰে অন্তৰ জয় কৰিবলৈ সক্ষম হােৱাৰ লগতে ৰেস্তোৰেণ্টখনেও সকলােৰে দৃষ্টি নিৱন্ধ কৰিছে।।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close