
ৰেলত চুৰি অথবা ডকাইতিৰ ঘটনা সংঘটিত হৈয়ে থাকে।যাৰ বাবে ৰেলযাত্ৰীক সতর্ক হৈ থকাৰ বিজ্ঞাপনাে প্রকাশ কৰা হয়। তাহানিৰ দিনত দূৰণিবতীয়া ৰেলত যাত্ৰা কৰা মানেই ঘৰৰ পৰা লৈ যাব লাগিছিল এডাল শিকলি। ব্রীফকেছ, বাকচ বা বেগক এই শিকলিৰে চিটৰ লগত সংযুক্ত কৰিহে নিদ্রা গৈছিল যাত্রীসকল। চুৰি অথবা ডকাইতিৰ আশংকাত ৰেলত গভীৰ নিদ্রাত ব্যাঘাত জন্মিছিল। সময়ে সময়ে উঠি যাত্রীসকলে পৰীক্ষা কৰিছিল বয়-বস্তু ঠিকমতে আছেনে নাই। পিছে সম্প্রতি দুৰণিবতীয়া ৰেলত অধিক নিৰাপত্তাৰক্ষী নিয়ােগ কৰাৰ পাছত পূর্বতকৈ চুৰি আৰু ডকাইতিৰ সংখ্যা হ্রাস পাইছে যদিও একেবাৰে নাইকিয়া হােৱা নাই। শেহতীয়াকৈ ভাৰতৰ আটাইতকৈ আধুনিক ৰেল তেজস’ৰ যাত্ৰীসকলৰ বাবে এক সুবিধা আগবঢ়োৱা হৈছে। সেয়া হৈছে সামগ্ৰীৰ বীমা। তেজস’ত যাত্ৰা কৰাৰ সময়ত যদি কোনাে সামগ্রী চুৰি অথবা ডকাইতি হয় তেন্তে বিভাগৰ তৰফৰ পৰা যাত্রীয়ে লাভ কৰিব এক লাখ পর্যন্ত ক্ষতিপূৰণ। টিকট ক্রয়ৰ লগে লগেই যাত্রীসকলৰ সামগ্ৰীৰ বীমা কৰা হ’ব।