আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ৰে’লৰ ইন্ধন হ’ব সৌৰশক্তি

বৈদ্যুতিক ৰে’ল, ডিজেল চালিত বহু ৰেল উদ্ভাৱন হৈছে। কিন্তু এইবাৰ ৰে’লৰ ইন্ধন হ’ব সৌৰশক্তি।সৌৰশক্তিৰে চলিব যাত্রীবাহী ৰে’লসমূহ। শেহতীয়া তথ্য অনুসৰি অষ্ট্রেলিয়াৰ এটি মাল্টি মিলিয়নাৰ কোম্পানীয়ে এই বিশেষ ৰেলগাড়ীখন নির্মাণ কৰিছে। আধুনিক প্রযুক্তি বিদ্যা তথা কাৰিকৰী দিশত বিশেষ গুৰুত্ব দিয়া হৈছে এই ৰেলখনত। এই ৰেলখন সাজি উলিয়াওতে খৰচ হৈছে প্রায় ৪ মিলিয়ন ডলাৰ। সৌৰ চালিত ৰেলখনে বায়ু প্ৰদূষণ যথেষ্ট ৰােধ কৰিব বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে। প্রথম অৱস্থাত অষ্ট্রেলিয়াৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে এই ৰেলখন। এই ছ’লাৰ ৰেলখনত ১০০ জন যাত্রী বহিব পৰা সুবিধা আছে। অষ্ট্রেলিয়াৰ বেইবনত এই বিশেষ ৰেলগাড়ীখন চলাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্যৱহৃত কয়লাৰ ৰেলগাড়ীখনৰ ওপৰত পৰীক্ষা চলাই এই বিশেষ ৰে’ল গাড়ীখন উদ্ভাৱন কৰা হৈছে। বর্তমানে এই সৌৰচালিত ৰেলগাড়ীখনে বিশ্বৰ ভিতৰতে প্ৰথমখন সৌৰ ৰেলগাড়ী হিচাপে স্বীকৃতি পাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close