অসম

ৰূপামণি গগৈলৈ শ্ৰেষ্ঠা সাময়িকীৰ বঁটা প্ৰদান

চন্দন শৰ্মা, জামুগুৰিহাট

ইতিহাসপ্ৰসিদ্ধ তেজপুৰৰ বৰ্ণিল প্ৰকাশন ২০১৮-১৯ ৰ ফেচবুক সাহিত্য চৰ্চা গোট ‘সাময়িকী’ৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত শ্ৰেষ্ঠা সাময়িকী হিচাপে বঁটা লাভ কৰিলে চৰাইদেউ জিলাৰ সাপেখাটি অঞ্চল নিৱাসী ৰূপামণি গগৈয়ে । তেওঁ বৰ্তমান অসম প্ৰাকৃতিক কবি সন্মিলন চৰাইদেউ জিলাৰ সভানেত্ৰী, চৰাইদেউ জিলা কবি সন্মিলন সাপেখাটি শাখা কবি চক্ৰৰ সভানেত্ৰীৰ লগতে আপকু আৰু সাপেখাতী প্ৰেছ ক্লাৱৰ সদস্যা । ইয়াৰোপৰি দৈনন্দিন বাৰ্তা কাকতৰ সাপেখাতীৰ সংবাদদাতাৰ উপৰিও V&S, NE Live Today ৱেব মিডিয়াৰ সৈতে জড়িত হৈ আছে । বিভিন্ন আলোচনী প্ৰচেষ্টা, জ্ঞানজ্যোতি, দিগদৰ্শন, চন্দ্ৰগুচ্ছ, সপোন আদি আলোচনীৰ সৈতে জড়িত থকাৰ উপৰিও মাহেকীয়া আলোচনীৰ ৰহস্যৰ নিয়মীয়া লেখিকা ।
তেওঁৰ কবিতা পুথি ‘কোৱা নহল তোমাক’ৰ উপৰিও হেজাৰ কবিৰ সপোন, সাময়িকী, হৃদয়ৰ এমুঠি মিঠা জোনাক, অনুভূতিৰ গুণগুণনি, নদী আৰু নাৰী আদি কবিতা পুথিত তেওঁৰ কবিতাই স্থান পাইছে । ইয়াৰোপৰি তেওঁৰ লিখাবোৰ বিভিন্ন কাকত আলোচনীত গল্প, কবিতা প্ৰবন্ধ প্ৰকাশ পাই আহিছে । পূৰ্বে তেওঁ অসম প্ৰাকৃতিক কবি সন্মিলনে অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত শ্ৰেষ্ঠ কবিৰ সন্মান লাভ কৰাৰ উপৰিও অসম গণ বতাহ কাকতৰ পৰা মহিলা গ্ৰাম্য সাংবাদিক বঁটা আৰু ঘন বৰা সোঁৱৰণী কবিতা সাহিত্য বঁটা, দিগদৰ্শন সাহিত্য সন্মান বঁটা পাবলৈ সক্ষম হৈছে । নদী আৰু নাৰীৰ কহিনুৰ ৱৰ্ল্ড বুক ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে । তেওঁৰ এই সফলতাক অঞ্চলবাসীয়ে শলাগ লোৱাৰ লগতে ভূয়সী প্ৰংশসা কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close