অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকৰে জিলিকিল জামুগুৰিহাটৰ উজ্জ্বল বৰা

চন্দন শৰ্মা, জামুগুৰিহাট

স্কুল গেমছ ফেডাৰেচন অফ ইণ্ডিয়াৰ দ্বাৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা বাছনি প্ৰক্ৰিয়াত ৬৫ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ টাইকোৱানডো চেম্পিয়নশ্বিপ ২০১৯-২০ লৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত সৰুভগীয়া গাঁও নিবাসী পুলিন বৰা আৰু মিনতি বৰাৰ সু-পুত্ৰ তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ লগতে জামুগুৰি টাইকোৱানডো একাডেমীৰ ছাত্ৰ উজ্জ্বল বৰা নিৰ্বাচিত হৈছে ।

১৪ বছৰ অনূৰ্ধ্বৰ ২৩ কেজি ওজনৰ শাখাত যোৱা ১০ আৰু ১১ অক্টোবৰত দিছপুৰৰ ভোগেশ্বৰী ফুকননী আন্ত:ক্ৰীয়া ক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক বাছনি টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় জামুগুৰি টাইকোৱানডো একাডেমীৰ ছাত্ৰ উজ্জ্বল বৰা । অহা ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা জামুগুৰিহাটৰ উজ্জ্বল বৰাৰ এই সফলতাত জামুগুৰি টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষকসকল উৎফুল্লিত হৈ পৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি উজ্জ্বলে সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে অঞ্চলবাসী ৰাইজে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close