অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবলত অসম দলত স্থান লাভ সৰভোগৰ অমিত ঠাকুৰীয়াৰ

ছহিজুল আলী, সৰভোগ

হিমাচল প্ৰদেশৰ মাণ্ডিত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবললৈ কালি ঘোষিত অসম দলত স্থান লাভেৰে বৰনগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে সৰভোগৰ অমিত ঠাকুৰীয়াই। ৰাজ্যিক দলত অমিতৰ এই স্থান লাভত বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰাইজ বিশেষকৈ ফুটবল প্ৰেমী সকল উৎফুল্লিত হৈ পৰিছে।হিমাচল প্ৰদেশৰ মাণ্ডিত অহা ১০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হবলগীয়া বি চি ৰয় ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবললৈ অসম দল গঠনৰ উদ্দেশ্যে যোৱা ২৫ নবেম্বৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হৈছিল ৬ দিনীয়া শিবিৰ। অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ ৫০ গৰাকী যুব খেলুৱৈয়ে উক্ত শিবিৰত অংশ গ্ৰহণ কৰিছিল। এই শিবিৰৰ অন্তত কালি ২০ জনীয়া অসম দলটো বাচনি কৰা হয়। আন প্ৰতিভাবান উনৈশ গৰাকী যুব দলটোত ষ্ট্ৰাইকাৰ হিচাপে সৰভোগ কলিতাপাৰাৰ অমিত ঠাকুৰীয়াই স্থান লাভ কৰাটো বৃহত্তৰ বৰনগৰ অঞ্চলৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়।উল্লেখ্য যে সৰভোগৰ ভূলুকাডোৱাত অৱস্থিত পশ্চিম বৰনগৰ হাইস্কুল খেলপথাৰত “বৰনগৰ কোচিং চেন্টাৰ”ৰ উদ্যোগত তথা বিজন নাথৰ তত্বাৱধানত যোৱা তিনি বছৰ ধৰি চলি থকা ফুটবলৰ প্ৰশিক্ষণ শিবিৰত অমিতে নিয়মীয়াকৈ প্ৰশিক্ষণ লৈ আহিছে। উল্লেখ্য যে উক্ত প্ৰশিক্ষণ শিবিৰত ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন খেলুৱৈ লক্ষেশ্বৰ কাকতিয়ে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। সৰভোগ কলিতাপাৰা গাও নিবাসী ৰবীন ঠাকুৰীয়া আৰু হিমানী ঠাকুৰীয়াৰ পুত্ৰ অমিতে ধাৰাবাহিকভাবে প্ৰশিক্ষণ লৈ আহিছিল। পশ্চিম বৰনগৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অমিতে অসমৰ বিভিন্ন ঠাইত দলৰ হকে খেলি যথেষ্ট দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈ আহিছে । স্বাভাৱিকতে অমিতৰ ৰাজ্যিক দলত স্থান লাভত বাৰুকৈয়ে উৎফুল্লিত হৈ পৰিছে “বৰনগৰ কোচিং চেন্টাৰ”ৰ তত্বাবধায়ক তথা খেল পৰিচালক বিজন নাথ আৰু প্ৰশিক্ষক লক্ষেশ্বৰ কাকতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close