অসমবিশেষশীৰ্ষ

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশিষ্ট সাহিত্যক-সাংবাদিক গোকুল পাঠকক সম্বৰ্ধনা

মফিদুল হক ,বৰপেটা

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাই আশিস বিছাৰি উপস্থিত হল প্ৰখ্যাত লোকশিল্পী,সাহিত্যিক সাংবাদিক, সুৰকাৰ,গীতিকাৰ,বিশিষ্ট নাট্যকাৰ,বকুল বনৰ কবি তথা স্বাধীনতা সংগ্ৰামী  গোকুল পাঠকৰ গৃহত। প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস, উপসভাপতি আজিজুল হক, সহকাৰী সম্পাদক ছফিক আহমেদ, প্ৰচাৰ পত্ৰিকা সম্পাদক মফিদুল হক, কাৰ্যালয় সম্পাদক জুলফিকাৰ আলী আহমেদ, সদস্য ধীৰাজ পাঠক আৰু মকিব বুক ষ্টলৰ স্বত্বাধিকাৰী জিয়াউৰ ৰহমানে বৰপেটাৰ ধ্ৰুৱতৰা সদৃশ সাহিত্যিক গৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক ফুলাম গামোচা, এখন ধৰ্মীয় গ্ৰন্থৰে সম্বৰ্ধনা জনায়। সাংবাদিকসকলে এই গুৰুত্বপূৰ্ণ দিনটোত তেওঁৰ কৰ্মৰাজীক স্মৰণ কৰি তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰথমে আঠু কাঢ়ি সেৱা লয় তাৰ পিছত তেওঁক সম্বৰ্ধনা জনায়। প্ৰেছ দিৱস উপলক্ষে বৰপেটাৰ মহীৰূহ গৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তেওঁ সাম্প্ৰতিক সময়ত আস্থাৰে সমাজৰ সেৱা কৰাটো প্ৰতিজন সাংবাদিকৰে কৰ্তব্য বুলি দোহাই দিয়ে। সকলো সাংবাদিককে আশীৰ্বাদ জনায় তেওঁ কয় যে সুস্থিৰ সমাজ আৰু সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সাংবাদিক সকলে বহু দ্বায়িত্বসহকাৰে কাম কৰি আছে। সাংবাদিকতাৰ দৰে গধুৰ দ্বায়িত্ব তথা মহান কৰ্ম হাতত লৈ জাতি আৰু দেশৰ সেৱাৰ বাবে আগবাঢ়ি অহা সকলো সাংবাদিকৰ প্ৰতি সৃষ্টিকৰ্তাৰ সূদৃষ্টি পৰাৰ কামনা কৰে সাহিত্যক গৰাকীয়ে । সাম্প্ৰতিক সময়ত সাংবাদিকৰ দ্বায়িত্ব আৰু কৰ্তব্য আৰু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে বাৰ্ধক্যই অসুস্থ কৰি তোলা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক গৰাকীয়ে। উপস্থিত সাংবাদিক সকলে সাহিত্যক গোকুল পাঠকৰ দিহা, পৰামৰ্শ, আৰু সান্নিধ্য লাভ কৰি যথেষ্ট উৎসাহিত হোৱা বুলি ব্যক্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close