অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ সাফল্য

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

ছণ্ডীগড়ত ২৮ পৰা ৩১ ডিছেম্বৰত সমাপ্তি ঘটা ৰাষ্ট্ৰীয় Shastrang Modern Martial Arts ত অসমৰ চেম্পিয়নছ মেকাৰ একাডেমী বিশ্বনাথৰ খেলুৱৈ সকলৰ বৃহত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷হৃদয়ানন্দ দাসৰ নেতৃত্বত যোৱা দলটিয়ে ৭টা সোন অৰু দুটা ব্ৰঞ্জৰ পদকৰে বছৰটোৰ শেষত এই সুন্দৰ পৰিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় । পদক লাভ কৰা খেলুৱৈ সকল ক্ৰমে অনুজ ভট্টাচাৰ্য ২টা সোন, সুদিপ্ত নয়ন বৰা ২টা সোন, প্ৰিয়দৰ্শনী লামা ২টা সোন, টনী ভাগৱতী ১টা সোন লগতে অভিনৱ বৰা দুটা ব্ৰঞ্জ ৷ আনহাতে ২৮ আৰু ২৯ ডিচেম্বৰত লামডিং ত সমাপ্তি ঘটা অল ষ্টাইল সমৰ কলা প্ৰতিযোগিতাত চেম্পিয়নছ মেকাৰ একাডেমী জামুগুৰিহাটৰ কংকনা শইকীয়া ৰূপৰ পদক লগতে প্ৰিয়মজ্যোতি বৰা ই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷পদক বিজয়ী সকলো খেলুৱৈক বিভিন্ন দল সংগঠন লগতে বহু গুণী জ্ঞানী ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close