অসমবিশেষশীৰ্ষ

ৰাষ্ট্ৰভাষা গৌৰৱ সন্মান প্ৰাপক স্বৰ্ণ লতা হাজৰিকাক অভিনন্দন

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

ৰাষ্ট্ৰভাষা গৌৰৱ সন্মান লাভ কৰা বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট লেখিকা, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তথা সংবাদ সেৱী স্বৰ্ণ লতা হাজাৰিকাক অভিনন্দন জ্ঞাপন কৰিছে বিশ্বনাথৰ বিভিন্ন মহলে। বুধবাৰে বিশিষ্ট লেখিকা গৰাকীক অভিনন্দন জ্ঞাপন কৰা বিশ্বনাথ চাৰিআলিৰ আমবাৰীত থকা ৰাষ্ট্ৰীয় বিদ্যালয় প্ৰাঙ্গনত।বিশ্বনাথ চাৰিআলিৰ ৰাষ্ট্ৰ ভাষা প্ৰবোধ বিদ্যালয় পৰিচালনা সমিতিৰ সভাত ৰাষ্ট্ৰ ভাষা গৌৰৱ সন্মান লাভ কৰা স্বৰ্ণ লতা হাজৰিকাক ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু অসমীয়া হিন্দী শব্দ কোষৰে অভিনন্দ জনোৱা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰভু নাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সন্তোষ কুমাৰ মহাতোয়ে । পিছত এই সাধাৰণ সভাত প্ৰভু নাথ সিঙক সভাপতি, সন্তোষ কুমাৰ মহাতোক সম্পাদক, লোক নাথ শাস্ত্ৰী আৰু সূৰ্য নাৰায়ণ পাণ্ডেক হিন্দী প্ৰেমী সদস্য, বন্দনা দাস,কল্পনা পালক অভিভাৱক সদস্য, পূৰ্ণিমা ভট্টাচাৰ্যক মহিলা সদস্য, ধৰিত্ৰী ৰায় বৰুৱাক শিক্ষক প্ৰতিনিধি,হাজি চুলতান আহমেদক দাতা সদস্য হিচাবে লৈ নতুন পৰিচালনা সমিতি গঠন কৰা হয়।সভাত স্বৰ্ণ লতা হাজৰিকা,শংকৰ লাল পৰিক, হৰি প্ৰসাদ ঠাকুৰ, বিনোদ কুমাৰ গুপ্তা, জুনু দাধৰা, ইন্দ্ৰজিত গুপ্তা, ব্ৰজৰংগ ৰৌনিয়াৰ,জ্যোতি কুমাৰী দাস,সুৰেন্দ্ৰ কুমাৰ সাহানি,ৰুমা দাস, শিখা পাল, মনিশা পাল, প্ৰেম বিশ্বকৰ্মা আদিয়ে অংশ লয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close