অসমবিশেষশীৰ্ষ

ৰাভা হাছঙৰ ১৬ নং দ্বাৰকা পৰিষদীয় সমষ্টিত একেদিনাই দুটা আঁচনিৰ উদ্ধোধন

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ১৬নং দ্বাৰকা পৰিষদীয় সমষ্টিত পৰিষদৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জৰিয়তে আৱণ্টিত ধনেৰে ৰূপায়ণ কৰা দুখন উন্নয়নমূলক আঁচনিৰ শুভ উদ্ধোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হৰিশ চন্দ্ৰ ৰাভাই। উল্লেখ্য যে, ছটোদামাল-দামপাৰা ৰাজহুৱা খেলপথাৰৰ দাতিত সাত লাখ টকা ব্যয়েৰে নৱ নিৰ্মিত নৱৰূপা বোৱাকটা মহিলা সমিতিৰ প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰৰ কাৰ্যালয় গৃহটি এক মাংগলিক কাৰ্যসূচীৰ মাজেৰে ফিটা কাটি মুকলি কৰে কাৰ্যবাহী সদস্যজনে।

তাৰ পিছতেই ডোৱাপাৰাৰ পৰা ১ নং বৰঝৰা (লক্ষী ফেনান বাসগৃহ) গাৱলৈ যোৱা পথছোৱা পৰিষদৰ জৰিয়তে আৱন্তিত প্ৰায় দহ লাখ টকা পুজিৰে নিৰ্মাণ কৰা পথটি শুভ উদ্ধোধন কৰে কাৰ্যবাহী সদস্য হৰিছ ৰাভাই । উক্ত আঁচনি দুখন উদ্ধোধন কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে উদ্ধোধন কৰা দুয়োটা আঁচনিৰ জৰিয়তে অঞ্চলত ৰাইজৰ বহুদিনীয়া কিছু অভাৱ পূৰণ কৰিব । বিশেষকৈ বোৱাকটা মহিলা সমিতিৰ গৃহৰ নিৰ্মাণৰ জৰিয়তে অঞ্চলটোৰ শিপিনী সকলোক উৎসাহিত কৰাৰ লগতে শিপিনী সকলৰ আৰ্থিক উন্নয়নত অৰিহণা যোগাব। ইয়াৰোপৰি উদ্ধোধন কৰা ডোৱাপাৰাৰ পৰা বৰঝৰা (লক্ষী ফেনান ৰ বাসগৃহ ) লৈ নিৰ্মাণ কৰা পথছোৱাই অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজক যাতায়তৰ দিশত যথেষ্ট সকাহ দিব । বিশেষকৈ এই পথছোৱাৰ দুৰৱস্থাৰ বাবে বাৰিষা কালত সৰ্বসাধাৰণ ৰাইজ তথা ছাত্ৰ ছাত্ৰীয়ে যি দুৰ্ভোগ ভুগিবলগীয়া তাৰ পৰা এতিয়া যথেষ্ট সকাহ পাব । অৱশ্যে অসম চৰকাৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদলৈ পৰ্যাপ্ত পুজি আৱণ্টন নিদিয়াৰ বাবে পৰিষদীয় এলেকাত  ৰাইজৰ প্ৰয়োজনীয়তা অনুসৰি আঁচনি গ্ৰহণ কৰিব পৰা নাই বুলি কাৰ্যবাহী সদস্য জনে ব্যক্ত কৰে । উল্লেখ যে আঁচনি কেইখন নিৰ্মাণৰ দিশত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট অঞ্চলবাসী ৰাইজলৈ কাৰ্যবাহী সদস্যগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে । উদ্ধোধনী অনুষ্ঠানত, নিখিল ৰাভা ছাত্র সন্হাৰ সাংগঠনিক সম্পাদক জয় চন্দ্ৰ দাবাং, দ্বাৰকা আঞ্চলিক ৰাভা ছাত্র সন্থাৰ সভাপতি দিবাকৰ ৰাভা, দ্বাৰকা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী কমিটিৰ বহুকেইজন বিষয়ববীয়াৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close