অসমবিশেষশীৰ্ষ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক সমাৰোহ আৰু ৰূপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

ৰাভা হাছং পৰিষদৰ এলেকাত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি বিশ্বৰ দৰবাৰদ প্ৰতিষ্ঠা তথা প্ৰচাৰ আৰু প্ৰসাৰৰ হকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে প্ৰতিবছৰে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰি আহিছে ৷ এইবেলিও ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিশাল সাংস্কৃতিক সমাৰোহ আৰু ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি কৰিছে পৰিষদে। আজি দুধনৈ জনমন্দিৰ প্ৰেক্ষাগৃহত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আয়োজিত বিভিন্ন জাতি-জনগোষ্ঠীৰ দল, সংগঠনৰ নেতৃবৃন্দ, সাংস্কৃতিক কৰ্মী আৰু ৰাইজৰ উপস্থিতিত সকলোকে সামৰি এখন তদাৰক সমিতি গঠন কৰা হয় ।

অহা ১০ মাৰ্চৰ পৰা চাৰি দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সমাৰোহ আৰু ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী সমাৰোহত ৰাভা জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ৰাভা হাছং এলেকাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হব । লগতে ৰাভা কৃষ্টি-সংস্কৃতিৰ ওপৰত কৰ্মশালা, আলোচনা চক্ৰ, ৰাভা জাতীয় সাজ-পাৰ, আ-অলংকাৰ, খাদ্য সমাৰোহ, ৰাভা লোকবাদ্যৰ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হব । তদুপৰি উক্ত সাংস্কৃতিক সমাৰোহৰ সাংস্কৃতিক অনুষ্ঠানত ৰাভা লোক শিল্পীৰ উপৰিও কেবাগৰাকী অসমীয়া গীতৰ বিশিষ্ট শিল্পীক আমন্ত্ৰণ জনোৱা হব । সমান্তৰাল ভাবে ঐতিহাসিক ৰাভা চুক্তিৰ ২৫ বছৰ পূৰ্তি উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচীত ৰাভা চুক্তিত স্বাক্ষৰিত ৰাভা সংগ্ৰামৰ নেতা-কৰ্মী সকলৰ সৈতে মত-বিনিময়ৰ অনুষ্ঠান, সম্বৰ্ধনা অনুষ্ঠান আদিৰো আয়োজন কৰা হব । উক্ত অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীৰ উপৰিও কেবাগৰাকী মন্ত্ৰীক আমন্ত্ৰণ জনোৱা হব । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীও আমন্ত্ৰণ জনোৱাৰ চিন্তা-চৰ্চা কৰিছে ৰাভা হাছং পৰিষদে । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, কাৰ্য্যবাহী সদস্য, সাধাৰণ সদস্য, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বিষয়া, বিভিন্ন জাতি-জনগোষ্ঠীৰ,দল, সংগঠনৰ নেতৃবৃন্দ, সাংস্কৃতিক কৰ্মী, স্থানীয় সাংবাদিক আৰু দুই শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব জুৰি গগৈয়ে ।আজিৰ সভাতে সাংস্কৃতিক সমাৰোহ তথা ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপনৰ বাবে পূৰ্ণাংগ তদাৰক সমিতি গঠন কৰা হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close