
সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু মাঞ্চালেংকা কলা কেন্দ্ৰৰ সহযোগত গোৱালপাৰা জিলাৰ হাদালাপাৰাস্থিত মাঞ্চালেংকা কলা কেন্দ্ৰত ৰাভা কৃষ্টিৰ ওজা ৰাজেন পামৰ ২২ সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠানখন অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উপ-সভাপতি অনিল ৰাভাই আঁত ধৰা উক্ত অনুষ্ঠানত ৰাভা কৃষ্টিৰ ওজা ৰাজেন পামৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তী প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই ৷ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে ৰাজেন পামে কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰলৈ দি যোৱা অৰিহণাৰ বিষয়ে বিস্তৃতভাবে আলোকপাত কৰে ৷ সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উপ-সভাপতি অনিল কুমাৰ ৰাভাৰ উপৰিও অনুষ্ঠানত মেছপাৰা পূৰ্বাঞ্চল ৰাভা সন্মিলনৰ সভাপতি তথা বিশিষ্ট ৰাভা কন্ঠ শিল্পী, ৰাভা নাট্যকাৰ পবিত্ৰ কুমাৰ ৰাভা,মাঞ্চালেংকা ক’লা কেন্দ্ৰৰ সঞ্চালিকা তথা বিশিষ্ট নাট্যকৰ্মী ৰয়ন্তী ৰাভাৰ উপৰিও মাঞ্চালেংকা ক’লা কেন্দ্ৰৰ শিল্পী বৃন্দ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ উল্লেখ্য যে, প্ৰতিবছৰে সদৌ ৰাভা কৃষ্টি সন্মিলনে ২৪ জুন তাৰিখে ৰাভা কৃষ্টিৰ ওজা ৰাজেন পামৰ স্মৃতি দিৱস উদযাপন কৰি আহিছে ৷এই বেলিও আজি কৰ’ণা ভাইৰাছৰ বাবে চৰকাৰে দিয়া নীতি- নিয়মৰ মাজেৰে অনুষ্টুপীয়াকৈ মাঞ্চালেংকা কলা কেন্দ্ৰত ৰাজেন পামৰ সৃষ্টিৰাজি, কালজয়ী গীতেৰে ন-পুৰনি কেইবা গৰাকী শিল্পীয়ে পৰিৱেশন কৰি গভীৰভাৱে স্মৰন কৰে৷