অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ৰাজ্যিক ভিত্তিত উজ্বলিল উত্তৰ জামুগুৰিৰ তিনিগৰাকী কৃতিমান

চন্দন শৰ্মা, জামুগুৰিহাট

অলপতে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা অসম ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত শীৰ্ষ ৩টা পদকেৰে উত্তৰ জামুগুৰিৰ টৌভঙা আৰু ৰঙাচকুৱা অঞ্চলটোলৈ বিশেষ সফলতা কঢ়িয়াই আনিছে ৩ গৰাকী কৃতিমানে । উল্লেখযোগ্য যে অঞ্চলটোৰ উত্তৰ জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ মুঠ ৩ গৰাকী বিভিন্ন শাখাৰ প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল । বিভিন্ন জিলাৰ পৰা কেইবা শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতাখনৰ শোণিতপুৰ জিলাৰ টৌভঙাৰ পৰা প্ৰথম স্থান তথা সোনৰ পদক দখল নেহাৰিকা দেৱী, দ্বিতীয় স্থান তথা চিলভাৰ পদক দখল পংকজ কাৰ্কী আৰু ৰঙাচকুৱাৰ পৰা দ্বিতীয় স্থান তথা চিলভাৰ পদক দখল নেহা নেৱাৰে লাভ কৰিবলৈ সক্ষম হয় । উত্তৰ জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা টৌভঙা নিবাসী নাৰায়ণ শৰ্মাৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰদান কৰিছিল কৃতিমান প্ৰতিযোগীসকলক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close