বিনোদনশীৰ্ষসাংস্কৃতিক

ৰাজমুকুট থিয়েটাৰৰ নাট্যবৰ্ষৰ শুভ নাট্যৰম্ভ

চিন্ময় লহকৰ , পাঠশালা

ভ্ৰাম্যমান থিয়েটাৰৰ অন্যতম নাট্যদল ৰাজমুকুট থিয়েটাৰৰ চতুৰ্থ নাট্যবৰ্ষৰ শুভ উদ্বোধনীৰ বছৰজোৰা পৰিক্ৰমাৰ আজি পাতনি মেলা হয় । নাট্য দলটিৰ পাঠশালাস্থিত বনগাঁওৰ স্থায়ী আখৰা গৃহত আজি নাট্যকাৰ ভাস্কৰ বৰ্মনৰ বাক্যবান নাটখনেৰে বছৰজোৰা পৰিক্ৰমা পাতনি মেলা হয় । আনহাতে নাট্য দলটিৰ আন ২ খন সুস্থ ৰুচিৰ স্বাভাৱিক মৌলিক নাট যুৱ নাট্যকাৰ ৰাজদ্বীপৰ বাঘ আৰু বীৰাংগনা । এই বেলি নাট্য দলটিত চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ আৰু অভিনেত্ৰী প্ৰাঞ্জনা দত্ত । ৰাজকুমাৰ আৰু প্ৰাঞ্জনা দত্তই নাট্যখনত সম্পূৰ্ণৰূপে উজাৰি দিবলৈ সাজু হৈ উঠিছে । উল্লেখ্যযোগ্য যে ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰতখনত সাম্প্ৰতিক সময়ত প্ৰতিবছৰে নতুন চিন্তাৰে দৰ্শকৰ মাজত খলকনিৰ সৃষ্টি কৰা ৰাজকুমাৰে এইবেলিও এক নতুন ৰূপ লৈ নাট্যবৰ্ষত ভ্ৰাম‍্যমাণৰ মঞ্চলৈ আহি আছে জনপ্ৰিয় অভিনেতা গৰাকীয়ে । বিগত বৰ্ষত হেঙুল থিয়েটাৰৰ “বন্দুকৰ কবিতা” শীৰ্ষক নাটখনত ৰাজকুমাৰে যি একচনৰ দৃশ্য প্ৰদৰ্শন কৰিছিল , সেয়া ভ্ৰাম্যমাণৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । এইবাৰো তেনে এক নতুন চিন্তাৰে দশকক সোৱাদ দিবলৈ সাজু হৈছে ৰাজকুমাৰ । উল্লেখ্যযোগ্য যে নাট্যকাৰ ৰাজদ্বীপৰ “বাঘ” নাটখনত প্ৰতীকী ৰূপত উপস্থাপন কৰা হৈছে এজন উন্মাদ যুৱকৰ কাহিনী । খং – আৱেগৰ বশৱৰ্তী হৈ নতুন প্ৰজন্মই লোৱা একোটা ভুল সিদ্ধান্তই কিদৰে জীৱনৰ বাট সলনি কৰি দিব পাৰে তাকেই উপস্থাপন কৰা হৈছে নাটখনত । “বাঘ”ৰ কেন্দ্ৰীয় চৰিত্ৰটো অভিনয় কৰিব অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰে । এই চৰিত্ৰটো ৰাজকুমাৰৰ বাবে নি:সন্দেহে হৈ পৰিব অতি চেলেঞ্জিং । এই প্ৰত্যাহ্বান গ্ৰহণ কৰি পুনৰ দৰ্শকৰ চমক দিবলৈ বদ্ধপৰিকৰ যুৱ অভিনেতা ৰাজকুমাৰে । “বাঘ”ৰ প’ষ্টাৰ মুকলি হোৱাৰ লগে লগে ভ্ৰাম্যমান থিয়েটাৰ ক্ষেত্ৰখনত যি চৰ্চা পৰিলক্ষিত হৈছে , সেই চৰ্চা নাটখনক লৈয়ো হ’ব বুলি দৃঢ়তাৰে দাবী কৰিছে অভিনেতা ৰাজকুমাৰে । আনহাতে যুৱ অভিনেতা ৰাজকুমাৰ বাবে ৰাজদ্বীপে ৰচনা কৰা আন এখন নাটক হৈছে “বীৰাংগনা” । যুৱ অভিনেতা ৰাজকুমাৰৰ উপৰিও এইবাৰ ৰাজমুকুট থিয়েটাৰৰ মঞ্চত দৰ্শকে দেখিবলৈ পাব বলিষ্ঠ অভিনেতা প্ৰাঞ্জনা দত্তৰ লগতে অভিনয় কৰিব পৰেশ গোস্বামী , মিতুল বালাজী , বিজুমণি চুতীয়া , অনুশ্ৰী দাস , নৱ কাশ্যপ , নিতুল কোঁৱৰ , বীৰেন ভূঞা আদিকে ধৰি বহুতো নবীন – প্ৰবীণ শিল্পী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close