অসমবিশেষশীৰ্ষ

ৰাজভৱনলৈ আমন্ত্ৰণ বৰপেটাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ নিচাদ আলীক

মফিদুল হক, বৰপেটা

সমাগত ৭১ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিশিষ্ট শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক তথা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱাৰ অৰ্থে ৰাজ ভৱনত এক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হৈছে। ৰাজ ভৱনৰ এই সম্বৰ্ধনা অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছে বৰপেটা চহৰৰ আজাদ নগৰ নিবাসী আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ নিচাদ আলী। উল্লেখযোগ্য যে, নিচাদ আলী তেওঁৰ পিতৃ হাচমত আলীৰ তত্ত্বাৱধানত কাৰাটেৰ অনুশীলন কৰি ৰাজ্যিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা দেখোৱাবলৈ সক্ষম হৈছে। দক্ষিণ আফ্ৰিকাৰ ডাৰবানত হোৱা নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত নিচাদ আলীয়ে ভাৰতৰ হৈ আঁজুৰি আনিছিল স্বৰ্ণ পদক। নিচাদ আলীৰ ৰাজ ভৱন যাত্ৰাত বৰপেটা বাসী ৰাইজৰ লগতেই পিতৃ মাতৃ তথা বৰপেটা জিলা কাৰাটে সন্থাৰ সমূহ বিষয় ববীয়াই গৌৰৱ অনুভৱ কৰিছে। উক্ত দিনৰ কাৰ্য্যসূচীত নিচাদ আলীক ৰাজ ভৱনত সম্বৰ্ধনা জ্ঞাপন কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close