আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ৰাছিয়াৰ আকাশত এলিয়েন

ৰাছিয়াৰ আকাশত শেহতীয়াকৈ দেখা গৈছিল এক ৰহস্যজনক পােহৰৰ ৰেখা। আকাশত দেখা দিয়া এনে ৰহস্যজনক পােহৰৰ ৰেখাই বহু প্রশ্নৰ উত্থাপন কৰিছে। কোনােৱে এয়া ভিন্ন গ্রহৰ প্রাণী এলিয়েন বুলি দাবী কৰিছে।ৰাছিয়াৰ আকাশত দেখা গৈছিল মাছসদৃশ এক আলােকপুঞ্জ। এই আলােকপুঞ্জ আকাশৰ এটা দিশৰ পৰা আনটো দিশলৈ গতি কৰা দেখিবলৈ পােৱা গৈছিল। স্থানীয় লােকসকলে এই পােহৰ দেখি আচৰিত হৈ পৰিছিল। ইতিমধ্যে এই ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। হাজাৰ হাজাৰ লােকে লাইক, কমেন্ট তথা শ্বেয়াৰ কৰিছে ভিডিঅ’টো। ভিডিঅ’টোত স্পষ্টৰূপত দেখা গেছে সেই ৰহস্যময় আলােকপুঞ্জটো। আন্তর্জাতিক সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি এই ঘটনাই লভগােৰােছৰ বাসিন্দাসকলক বিস্মিত তথা আতংকিত কৰি তুলিছে। বহুতৰ মনত এয়া বর্হিজগতৰ এলিয়নসদৃশ প্রাণী। মুঠৰ ওপৰত ভিন্নজনৰ ভিন্ন প্রশ্ন। ইতিমধ্যে এই ঘটনাৰ ৰহস্য উদঘাটন কৰিবলৈ ৰাছিয়াৰ মহাকাশ বৈজ্ঞানিকসকলে এক পৰীক্ষানিৰীক্ষা আগবঢ়াইছে। পৰীক্ষাত প্রমাণিত হৈছে যে, এয়া কোনাে বৰ্হিজগতৰ প্রাণী নহয়। এই ৰহস্যময় পােহৰ ৰকেটৰ পৰা নিৰ্গত হােৱা ৰশ্মিৰ এক প্রতিফলহে। তথাপিও এই সন্দৰ্ভত বর্তমানেও পৰীক্ষা আব্যাহত ৰাখিছে। উল্লেখ্য যে, কাৰণ যিয়ে নহওঁক কিয় এই ঘটনাই ৰাছিয়াবাসীক এক অন্য ৰহস্যময় দিশতাে নতুন সােৱাদ দিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close