
অসমত প্ৰথমদিনাই অভূতপূৰ্ব সহাৰি লাভ কৰিলে যতীন বৰাৰ ছবি ৰত্নাকৰে। প্রথম দিনাই ৪১ লাখ টকা সংগ্রহেৰে সকলো ৰেকৰ্ড ভংগ কৰে ছবি খনে । অসমত ৫৯ টাৰ লগতে মুম্বাই, পুনে, দিল্লী, হায়দৰাবাদ আৰু বেংগালুৰুৰ ১১ টা ছবিঘৰত সগৌৰৱেৰে ছলি আছে ৰত্মাকৰ। প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যৰ ৮০ শতাংশ চিনেমাঘৰত আটাইকেইটা দৰ্শনীৰে ৩ দিনৰ টিকট ইতিমধ্যেই শেষ হৈছে। মুঠৰ ওপৰত কব পাৰি যে, অসমীয়া চিনেমাৰ জড়তা ভাঙি ৰত্নাকৰ চাবলৈ সকলো দৰ্শক ওলাই আহিছে আৰু ছবি খনে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।