আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ৰঙীন এক্সৰে পদ্ধতি

চিকিৎসা বিজ্ঞানত এক নতুন সংযােজন। চিকিৎসা বিজ্ঞানত ৰােগ নির্ণয়ত ব্যৱহৃত এক্সৰে পদ্ধতিত নতুন ৰূপ দেখিবলৈ পােৱা গৈছে। শেহীতয়াকৈ ত্রিমাত্রিক (থ্রি ডি) ৰঙীন এক্সৰে উদ্ভাৱন কৰি উলিয়াইছে বৈজ্ঞানিকৰ এটি দলে। ২০ বছৰ গৱেষণাৰ অন্তত এই সাফল্য লাভ কৰিছে চার্ন (ইউৰােপিয়ান অর্গেনাইজেচন ফৰ নিউক্লিয়াৰ ৰিচাৰ্জৰ গৱেষকসকলে। তেওঁলােকে এই পদ্ধতিক পূর্বতকৈ অধিক উন্নত কৰি তুলিছে। মূলতঃ কণা সন্ধানী প্রযুক্তিৰ সহায়ত আৱিষ্কাৰ কৰি উলিয়াইছে এই বিশেষ পদ্ধতি। গৱেষকসকলৰ মতে এই পদ্ধতিৰ জৰিয়তে শৰীৰৰ আভ্যন্তৰীণ অংশৰ ছবি পূৰ্বতকৈ অধিক স্পষ্ট তথা নির্ভুল হ’ব। কাৰণ এই পদ্ধতিত শৰীৰৰ কোষ, কলা, সকলাে অংগৰ ত্রিমাত্রিক ছবি পােৱাটো সম্ভৱ হৈ উঠিব। এক্সৰেৰ প্রথমাৱস্থাত কেৱল দ্বিমাত্রিক তথা টু ডি ছবি পােৱাটো সম্ভৱ হ’ব। এই প্রসংগত জনস্বাস্থ্য বিশেষজ্ঞসকলে প্রকাশ কৰিছে যে পূর্বৰ পদ্ধতিত ক’লা বগা ছবিসমূহত শৰীৰৰ ভিতৰৰ অংশসমূহ অস্বাভাৱিক হয় তথা স্পষ্ট নহয়। যাৰ ফলত চকুৰে ভালদৰে ধৰিব নােৱাৰি। কিন্তু এই ৰঙীন এক্সৰে প্লেট হলে ৰােগ চিনাক্ত কৰাত যথেষ্ট সহায়ক হ’ব।‘মেডিপিক্স থ্রি’ নামৰ বিশেষ প্রযুক্তিৰ সহায়ত এই পদ্ধতিৰ সফল উন্মােচন ঘটালে বৈজ্ঞানিকৰ দলটোৱে। পােহৰ কণা বা কোনাে পদাৰ্থৰ পৰমাণুৰ মাজত থকা ইলেক্ট্রণৰ সংখ্যা নির্ণয়ৰ ক্ষেত্ৰত সিহঁতৰ শক্তিৰ তাৰতম্যও জুখিব পাৰে এই পদ্ধতিৰ জৰিয়তে। এই শক্তিৰ তাৰতম্যৰ ভিত্তিতেই নির্মাণ কৰা হৈছে এটি কম্পিউটাৰ প্র’গ্রাম। ইয়াত পােহৰৰ বিভিন্ন কম্পনাংকৰ কৃত্রিম ৰঙৰ মিশ্রণ ঘটোৱা হৈছে। যিয়ে এক্সৰেখন ৰঙীন তথা থ্রি ডি আকাৰত উপস্থাপন কৰিব। দৃশ্যমান পােহৰৰ সৈতে এক্সৰে পদ্ধতিৰ মাজত কিছু সামঞ্জস্য আছে। এটি নিগেটিভ ইলেক্ট্রন অপৰ ইলেক্টকৰণৰ সৈতে ঘর্ষণৰ ফলত উচ্চশক্তি সম্পন্ন হৈ উঠে। ক্ষন্তেক সময়ৰ পিছতে নিজৰ অতিৰিক্ত শক্তি ত্যাগ কৰি এক্সৰে সৃষ্টি হয়। য’ত ৰঙীন পিক্সেল ব্যৱহাৰ কৰা হৈছে। ফলত হাড়ৰ পােহৰ পৰি প্রতিফলন হৈ এই ৰঙীন এক্সৰে ওলাই পৰিব। গৱেষকসকলৰ দাবী এই যন্ত্রই সম্পূর্ণ নির্ভুল তথ্য আগবঢ়াব। এই বিশেষ ৰঙীন এক্সৰেৰ জৰিয়তে দেহৰ হাড়, পেশীবােৰক অধিক স্পষ্ট কৰি তুলি আঘাত সঠিক উৎপাদনস্থল তথা তাৰ অৱস্থা নির্ণয় কৰিব। কেৱল ইমানেই নহয় এই পদ্ধতিৰ জৰিয়তে দেহত টিউমাৰৰ উপস্থিতিও চিনাক্ত কৰিব পাৰিব। উল্লেখ্য যে, এই যন্ত্রৰ ব্যৱহাৰৰ জৰিয়তে চিকিৎসাবিজ্ঞানত এক নতুন পৰিৱৰ্তন আনিব বুলি সদৰী কৰে গৱেষকসকলে। চাৰ্ণৰ এই প্রযুক্তিক বাণিজ্যিকভাৱে ইতিমধ্যে কামত লগােৱা হৈছে নিউজিলেণ্ডৰ এটি প্রতিষ্ঠানে। তেওঁলােকক এই কামত সহায় কৰিছে ইউনিভাৰছিটি অৱ ওটাগাে আৰু ইউনিভাৰছিটি অৱ কণ্টাৰকেৰিয়ে। সঁচাকৈয়ে এই নতুন পদ্ধতিয়ে যে চিকিৎসা বিজ্ঞানত এক নতুন দিগন্তৰ বাট মুকলি কৰিব তাত কোনাে সন্দেহ নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close