অসমবিশেষশীৰ্ষ

ৰঙিয়াৰ তৰণী হৰিমন্দিৰৰ দ্বাৰ উন্মােচন

ৰঙিয়াৰ তৰণীৰ নৱনির্মিত শ্রীশ্রী হৰিমন্দিৰৰ দ্বাৰ উন্মােচন তথা প্রাণ প্রতিষ্ঠা অনুষ্ঠান আয়ােজনৰ প্রস্তুতি গ্রহণ কৰিছে উদ্যোক্তাসকলে। অহা ৭ নৱেম্বৰত দিনজোৰা কার্যসূচীৰে আয়ােজন কৰা মাংগলিক অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি অশ্বিনী কলিতাই পতাকা উত্তোলন কৰাৰ পাছতে জল আনয়ন, মন্দিৰৰ প্রাণ প্রতিষ্ঠা আৰু পূজাঅর্চনা অনুষ্ঠিত হ’ব। এই উপলক্ষে উলিয়াবলগীয়া ধর্মীয় শােভাযাত্রা উদ্বোধন কৰিব প্রাক্তন শিক্ষা মন্ত্রী থানেশ্বৰ বড়ােৱে। নৱনির্মিত মন্দিৰৰ দ্বাৰ উন্মােচন কৰিব ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা গড়কাপ্টানি মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্রকাশ পাবলগীয়া পুস্তিকা উন্মােচন কৰিব ৰাজহ তথা জলসিঞ্চন মন্ত্রী ভৱেশ কলিতাই। সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম পৰিৱেশন কৰা হ’ব।।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close