অসমবিশেষশীৰ্ষ

ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱৰ আয়োজন : মুখ্য আকৰ্ষণ নৃত্যাঙ্গনা সুনীতা কৌশিক

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত সংস্কৃতিৰ কেন্দ্ৰ ভূমি হিচাপে পৰিচিত বৃহত্তৰ ৰঙাচকুৱা অঞ্চলত বিগত বৰ্ষৰ দৰে এইবেলিও জাতি বৰ্ণ নিৰ্বিশেষে অহা ইং ২৪ আৰু ২৫ নৱেম্বৰ তাৰিখে ৪২ সংখ্যক ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱ ভাগ দুদিনীয়া কাৰ্য্যসূচীৰে ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ পৰা

দক্ষিণ দিশত অৱস্থিত অঞ্চলটোৰ এখন আগশাৰী শিক্ষানুষ্ঠান হিচাপে গঢ় লোৱা ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৱিত্ৰ চোতালত আয়োজন কৰা হৈছে । উক্ত ৰাস মহোৎসৱত মূখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমীয়া ছৱি জগতৰ বিশিষ্ট অভিনেত্ৰী তথা ৰাধাৰ অভিনয়ৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নৃত্যাঙ্গনা সকলোৰে পৰিচিত সুনীতা কৌশিক । গতিকে দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱভাগলৈ সমুহ ৰাইজক আদৰ সম্ভাষণ জনাই আন্তৰিকতাৰে নিমন্ত্ৰণী শৰাই আগবঢ়োৱাৰ লগতে শিশুলীলা মহাৰাসভাগত অভিনয় আৰু গোপী নৃত্য প্ৰদৰ্শন কৰিবৰ বাবে নিমন্ত্ৰণী পত্ৰৰ দ্বাৰাই অনুৰোধ জনাইছে সমুহ ৰাস মহোৎসৱৰ উদ্যোক্তাসকলে ।

About Us

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close