অসম

ৰঙাচকুৱা শাখাৰ বন্ধন বেংকৰ চতুৰ্থ বৰ্ষপুতি অনুষ্ঠান সম্পন্ন

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিহাটস্থিত ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত অৱস্থিত ৰঙাচকুৱা শাখাৰ বন্ধন বেংকৰ আজি চাৰিটা বৰ্ষ তথা চতুৰ্থ বৰ্ষপুতি অনুষ্ঠান ভাগ সম্পন্ন কৰে । উক্ত বৰ্ষপুতি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দুৰ্নীতিৰ দৰ্পণ কাকতৰ জামুগুৰিহাটৰ সাংবাদিক চন্দন শৰ্মা, ৰঙাচকুৱা অঞ্চলৰ যুৱ সমাজকৰ্মী লীলা বৰুৱা আৰু ক্ষেমৰাজ ছেত্ৰী । ক্ষেমৰাজ ছেত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে – “বন্ধন বেংকৰ জৰিয়তে গাওঁবাসীলৈ বহুতো সুবিধা প্ৰদান কৰি আহিছে ।” তাৰপিছত ৰঙাচকুৱা শাখাৰ বন্ধন বেংকৰ নামাকৰণেৰে চতুৰ্থ বৰ্ষপুতি অনুষ্ঠানৰ কেকটো কাটে বিশিষ্ট অতিথি চন্দন শৰ্মাই । ৰঙাচকুৱা শাখাৰ বন্ধন বেংকৰ কৰ্মকৰ্তাসকল ক্ৰমে ৰঞ্জিত দাস (পৰিচালক), ৰিন্টু আচাৰ্য্য, ম্ৰিগংগা হাজৰিকা, গিৰিচ দাস, দেৱজিৎ বৰা, মিন্টু বৰা, উজ্জ্বল বৰা আৰু আনোৱাৰ হুছেইন চৰকাৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close