অসমবিশেষশীৰ্ষ

ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫১ সংখ্যক বিদ্যালয় যুৱ মহোৎসৱ

বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনৰে যুৱ মহোৎসৱৰ সফল সামৰণি

শোণিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিচিত তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ পৰা দক্ষিণ দিশত ১৯৫৯ চনত স্থাপিত হোৱা ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫১ সংখ্যক বিদ্যালয়  যুৱ মহোৎসৱৰ মূল সভাৰ লগতে বঁটা বিতৰণী অনুষ্ঠানভাগ সফল সমাপ্তি ঘটে । উক্ত সভাত সভাপতি হিচাপে উপস্থিত থাকে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক গোলাপ শইকীয়া, ” হাতেলিখা আলোচনী ” উন্মোচনৰ উন্মোচক হিচাপে উপস্থিত থাকে ৰঙাচকুৱা শাখাৰ ষ্টেট বেংকৰ পৰিচালক চন্দন কুমাৰ বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিত্য উপাধ্যায় । উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নিত্য উপাধ্যায়ে ভাষন প্ৰসংগত কয় যে ” ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলৰ বহু কষ্ট আৰু প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক যি আদৰ্শ প্ৰদান কৰিছে সেয়া সচাই প্ৰশংসনীয় লগতে এই বিদ্যালয়ৰ এন.চি.চি বিভাগৰ ছাত্ৰসকলে যেনেদৰে আদৰ সন্মান জনালে সেই উদেশ্যে মই এন.চি.চি বিভাগৰ ছাত্ৰসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো । তাৰপিছত “হাতেলিখা আলোচনী” ৰ উন্মোচন কৰে ৰঙাচকুৱা ষ্টেট বেংকৰ শাখা পৰিচালক চন্দন কুমাৰ বৰাই । উন্মোচক গৰাকীয়ে ভাষন প্ৰসংগত কয় যে “এই বিদ্যালয়খন সচাঁই এক অন্যতম । কাৰণ এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভা সচাঁই প্ৰশংসনীয় । তেওঁলোকৰ বিশেষ প্ৰচেষ্টাত আৰম্ভ কৰা এক ব্যতিক্ৰমী অনুষ্ঠান “হাতেলিখা আলোচনী উন্মোচন” । এই হাতেলিখা আলোচনী উন্মোচনত প্ৰতি বছৰেই অতি কমেও পাঁচখনকৈ হাতেলিখা আলোচনী প্ৰস্তুত কৰে । এই হাতলিখা আলোচনীত বিদ্যালয়ৰ বিভিন্ন খা-খৱৰ, শ্ৰদ্ধাঞ্জলী শিতান, মহৎ লোকৰ বাণী, কবিতা, গল্পৰ লগতে বহু কেইটা বিশেষ শিতান সন্নিবিষ্ট কৰে আৰু কয় যে — ” মনে যন্ত্ৰ তৈয়াৰ কৰিছে কিন্তু যন্ত্ৰই মন সৃষ্টি কৰা নাই ।” এই বিশেষ মন্তব্যৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সাহস আৰু অনুপ্ৰেৰণা দিয়ে । তাৰপিছত বিদ্যালয়ৰ বঁটা বিতৰণী সভা আৰু সোনাৰাম দাস সোঁৱৰণী ন্যাসৰ আয়োজন কৰে । উত্তৰ জামুগুৰি অঞ্চলৰ মাধ্যমিক শিক্ষানুষ্ঠান সমূহত শিক্ষা লাভ কৰি থকা উচ্চ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক নগদ ধনৰ বঁটাৰে সন্মানিত কৰি অধিক দক্ষ, বিদ্যানুৰাগী গঢ়ি তুলিবৰ কাৰণে প্ৰয়াস কৰাটো এই ন্যাসৰ মূল লক্ষ্য আৰু উদ্দেশ্য । বৰ্তমান এই ন্যাসৰ অন্তৰ্গত বিদ্যালয়সমূহ ক্ৰমে – ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰদিকৰাই হাইস্কুল, বালিজুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, টুপীয়া পাঁচ গাঁও একাডেমি, হাটিঙা হাইস্কুল, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৱ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বালিজুৰি একাডেমি । প্ৰয়াত সোণাৰাম দাসৰ পৰিয়ালবৰ্গই উত্তৰ জামুগুৰি অঞ্চলৰ ছাত্ৰ-ছাত্ৰসকলৰ মাজত শিক্ষাৰ সুস্থ বাতাৱৰণ গঢ়ি আৰু অভিভাৱকসকলক ন্যাসটিৰ উত্তৰোত্তৰ মংগল ও শুভেচ্ছা কামনা কৰিলে । ন্যাসৰ বটাঁ প্ৰাপ্ত পংখী হাজৰিকা আৰু ৰক্তিম বৰুৱাৰ সুন্দৰ ভাষণে সকলোৰে মন জয় কৰে । তাৰপিছত বিদ্যালয়ৰ সাংস্কৃতিক সন্ধ্যাত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনৰ দৃষ্টি আকৰ্ষণ কৰা অনুষ্ঠানে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close