আন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

৬ কোটি টকীয়া কেক

এটি কেক। এই কেকটোৱে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। কিয়নাে, এই কেকটোৰ মূল্য শুনিলে হয়তাে আপােনাৰ চকু কপালত উঠিব। আপােনাৰ দৃষ্টিত এটা কেকৰ মূল্য কিমান হ’ব পাৰে। হয়তাে ৫০০-২০০০ টকা। কিন্তু আমি যদি কওঁ এটা কেকৰ মূল্য ৬ কোটি টকা। হয়তাে বিশ্বাস নহ’ব। অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। শেহতীয়া তথ্য অনুসৰি লণ্ডনৰ আস্ত নামৰ ডিজাইনাৰজনে এই বিশেষ কেকটো তৈয়াৰ কৰি উলিয়াইছে। এখন বিয়াৰ অৰ্ডাৰ অনুযায়ী এই কেকটো বিশেষভাৱে ডিজাইন কৰা হৈছে। বর্তমান সকলাে দিশতে বর্তমান ডিজাইনাৰসকলক আগস্থান দিয়া দেখা যায়।

কেৱল সাজ-সজ্জা বা পােছাকৰ দিশত নহয়, সকলাে দিশতে ডিজাইনাৰৰ পয়ােভৰ দেখা যায়। সেয়ে লণ্ডনৰ এটি আঢ্যৱন্ত পৰিয়ালে আস্ত নামৰ ডিজাইনাৰজনক এই কেকটো তৈয়াৰ কৰিবলৈ আদেশ দিছিল। এই বিশেষ কেকটো বিয়াৰ সমান্তৰালকৈ তৈয়াৰ কৰাৰ বাবে কেকটো এগৰাকী কইনাৰ আহিত সজোৱা হৈছে। এই কেকটোৰ ওজন প্রায় ১২০ কেজি। উচ্চতা প্রায় ৬ ফুট। এই কেকটো তৈয়াৰ কৰি উলিয়াওতে মুঠ খৰচ হৈছে ছয় কোটিৰাে অধিক। ডিজাইনাৰজনৰ ভাষ্য অনুসৰি এই বিশাল কেকটো সম্পূর্ণভাৱে খােৱাৰ উপযােগী। কেকটো তৈয়াৰ কৰি ডিজাইনাৰজনে এই বিশেষ কেকটোৰ ফটো ছ’চিয়েল মিডিয়াত আপলােড কৰিছিল। ইয়াৰ পাছতেই ভাইৰেল হৈ পৰে ফটোখন। উল্লেখ্য যে, বর্তমান এই কেকটোৱে সকলােৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে বিশ্বৰ আটাইতকৈ দামী কেকৰ শাৰীলৈ উন্নীত হৈছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close