আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

৬৭ কোটি টকীয়া আঙুলিৰ চাপ

এটি আঙুলিৰ চাপে এতিয়া বিজ্ঞান জগতত তীব্র খলকনিৰ সৃষ্টি কৰিছে। কিয়নাে এই আঙুলিৰ চাপটো আজিৰ নহয়। প্রায় ৪০০ বছৰ পুৰণি বুলি ইতিমধ্যে প্রমাণিত হৈছে এই আঙুলিৰ চাপটো। ইয়াক লৈয়ে এতিয়া জল্পনা-কল্পনাৰ অন্ত নাই। বৈজ্ঞানিক তথা বিশেষজ্ঞৰ মতে, এই আঙুলিৰ চাপটো যদিহে এগৰাকী চিত্রশিল্পীৰ হয় তেন্তে ইয়াৰ মূল্য হ’ব প্রায় ৬ মিলিয়ন ব্রিটিছ পাউণ্ড। ভাৰতীয় মূল্য হিচাপে ইয়াৰ মূল্য ৬৬ কোটি ৯০ লাখ টকা। শেহতীয়া তথ্য অনুসৰি ওলন্দাজ শিল্পী ৰেমব্রাণ্টে (১৬০৬-১৬৬৯) অঁকা এখন ছবিৰ ৰঙৰ স্তৰৰ তল অংশত এই চাপটোৰ সন্ধান পােৱা গৈছে। ষ্টাডি অৱ অন হেড অন ইয়ং মেন’ নামৰ এই ছবিখনক কেন্দ্ৰ কৰিয়েই এতিয়া উত্তাল সমগ্ৰ শিল্পৰসিক মহল। বিশেষজ্ঞসকলৰ দাবী এই আঙুলিৰ চাপটো স্বয়ং ৰেমব্রান্টৰ হােৱাটো স্বাভাৱিক। যুগান্তকাৰী শিল্পীৰ এই চাপে ছবিখনক এতিয়া অমূল্য কৰি তুলিছে। শীঘ্রেই এই ছবিখন লণ্ডনত নিলাম কৰা হ’ব বুলি সদৰী কৰে বিশেষজ্ঞসকলে। ইয়াৰ পূর্বে এই আৱিষ্কাৰ ৰীতিগতভাৱে যথেষ্ট চাঞ্চল্যকৰ। কাৰণ ইয়াৰ পূর্বে কেতিয়াও এইগৰাকী শিল্পীৰ আঙুলিৰ চাপ পাবলৈ সক্ষম হােৱা নাছিল। মার্কিন যুক্তৰাষ্ট্র তথা ফ্রান্সত হ’বলগীয়া প্রদর্শনীৰ কাম-কাজৰ পদ্ধতি অনুসৰণ কৰিব গৈয়ে এই চাপৰ সন্ধান পায় বিশেষজ্ঞৰ দলটোৱে। এই কথা সদৰী কৰে লণ্ডনৰ প্রখ্যাত নিলাম সংস্থাৰ প্রাচীন শিল্প বিশেষজ্ঞ জর্জ গর্ডনে। উল্লেখ্য যে, সদ্যহতে সন্ধান পােৱা এই আঙুলিৰ চাপটোৱে এক যুগান্তকাৰী আৱিষ্কাৰৰ সম্ভেদ দিলে। যি সমগ্র বিশ্বৰ লগতে বিজ্ঞান জগতখনৰ বাবেও নিঃসন্দেহ ই এক ভাল খবৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close