আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

৫০ হাজাৰ বছৰ পুৰণি জীৱাশ্ম উদ্ধাৰ

কানাডাৰ ইউকন চহৰত উদ্ধাৰ হৈছে প্রায় ৫০ হাজাৰ বছৰ পুৰণি দুটি জীৱাশ্ম। ইয়াৰে এটি জীৱাশ্ম নেউলৰ বুলি ধাৰণা কৰা হৈছে। এই নেউলটো কিদৰে মৃত্যুমুখত পৰিছিল এই সন্দৰ্ভত কোনাে তথ্য লাভ কৰা নাই। কিন্তু জীৱাশ্ম উদ্ধাৰৰ পিছতেই বৈজ্ঞানিকৰ দল এটিয়ে গৱেষণা অব্যাহত ৰাখিছে। শেহতীয়া তথ্য অনুসৰি ইউকনৰ এটি খনিত শ্ৰমিকসকলে কাম কৰি থকা অৱস্থাত এই জীৱাশ্মটো প্রত্যক্ষ কৰে। প্রাথমিকভাৱে ঠাৱৰ কৰা হৈছে এইটো এটি নেউলৰ জীৱাশ্ম। নেউলৰ সমান্তৰালকৈ একেলগে আন এটি জীৱাশ্মও উদ্ধাৰ কৰা হৈছে। এই জীৱাশ্মটো হৰিণৰ বুলি ধাৰণা কৰা হৈছে। উদ্ধাৰ হােৱা দুটি জীৱাশ্মৰ ওপৰত বর্তমান গৱেষণা চলাই থকা হৈছে। এই প্রতিবেদন অনুসৰি ইতিমধ্যে গৱেষণাৰ বাবে কেইবাজনাে গৱেষকক লৈ এখন কমিটী গঠন কৰা হৈছে। গৱেষণাটোৱে যাতে এক উচিত সিদ্ধান্তত উপনীত হ’ব পাৰে ইয়াক লৈয়ে এই কমিটীখন গঠন কৰা হৈছে। কিয়নাে সাম্প্রতিক সময়ত বহুতাে জীৱাশ্ম উদ্ধাৰ হয় যদিও ইমান পুৰণি জীৱাশ্ম উদ্ধাৰ হয়তাে এয়াই প্রথম। সেয়েহে বিষয়টোক লৈ উচ্চ গৱেষণাৰ প্রয়ােজন হৈ পৰিছে। বর্তমান উদ্ধাৰ হােৱা দুয়ােটা জীৱাশ্মই সংৰক্ষিত কৰি ৰখা হৈছে। স্থানীয় প্রশাসনে সমগ্র বিষয়টো টুইটাৰত শ্বেয়াৰ কৰিছে। আৰু লগে লগেই ভাইৰেল হৈছে সমগ্র বিষয়টো। উল্লেখ্য যে, ৫০ হাজাৰ বছৰ পুৰণি জীৱাশ্ম উদ্ধাৰ হােৱা ঘটনাটো সাধাৰণ ঘটনা নহয়। ই এক বৈজ্ঞানিক জগতৰ বাবে বৃহৎ প্রত্যাহ্বান। সেয়ে বৈজ্ঞানিকৰ দলটোৱে এই বিষয় সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে। অচিৰেই বহু ন ন তথ্য পােহৰলৈ আহিব বুলি বৈজ্ঞানিকৰ দলটোৱে মত পােষণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close