অসমবিশেষশীৰ্ষ

৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ যোদ্ধাৰ ১০০ বছৰ সম্পন্ন

ছহিজুল আলী, সৰভোগ

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত উত্তৰ ভেৰভেৰী গাঁৱৰ এজন বিশেষ ব্যক্তি,যিগৰাকী ব্যক্তিয়ে ভৰি দিলে শতবৰ্ষত৷১৯১৯ চনত টেঙাগাঁওত স্বৰ্গীয় সুভাৰাম নাথ আৰু সৰস্বতী নাথৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল ডালিম কুমাৰ নাথে৷১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি,ব্ৰিটিছৰ হাতত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাতে৷পৰিবৰ্তি সময়ত ১৯৪৭/৪৮ চনৰ ভিতৰত তেখেতে অসম আৰক্ষীত যোগদান কৰি  ৩৮ বছৰ চাকৰি কৰি ১৯৮৪ চনত SB ৰ এজন বিষয়া হিচাপে অৱসৰগ্ৰহণ কৰে৷বৰ্তমান তেওঁৰ পত্নী শকুন্তলা নাথৰ লগত ৪ জনকৈ ছোৱালী আৰু চাৰিটাকৈ পুত্ৰ আছে৷পৰিয়ালবৰ্গই কেক কাটি জন্মদিন পালন কৰে,এই সময়ত ব্যক্তিজনৰ ঘৰৰ চোতাল লোকে লোকাৰণ্য হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close