অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

৩০ ডিচেম্বৰৰ পৰা সপ্তম টি জি বৰুৱা সোঁৱৰণী মিডিয়া টি -২০ ক্ৰিকেট

পূৰ্বৰ গৌৰৱময় ধাৰা অব্যাহত ৰাখি এইবাৰো অহা ৩০ ডিচেম্বৰৰ পৰা জজ খেল পথাৰত অনুষ্ঠিত হব সপ্তম তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী মিডিয়া টি ২০ ক্ৰিকেট প্ৰতিযোগিতা ৷ অসমৰ ছপা আৰু বৈদুতিন সংবাদ গোষ্ঠী সমূহৰ মাজত অনুষ্ঠিত হব লগা এই প্ৰতিযোগিতাখন নক আউট পদ্ধতিত খেলোৱা হব ৷ ইচ্ছুক সংবাদ গোষ্ঠী সমূহে অহা ২০ ডিচেম্বৰৰ ভিতৰত যোগদান মাচুল ১০০০ টকা সহ ১৫ জনীয়া খেলুৱৈৰ তালিকা পৰিচয় পত্ৰ সহ জমা দিব লাগিব ৷ উদ্যোক্তা সকলে জনোৱা মতে ,সংশ্লিষ্ট সংবাদ গোষ্ঠীসমূহৰ সাংবাদিক তথা সংবাদ কৰ্মী সকলেহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷কোনো সংবাদগোষ্ঠীয়ে যদি নিজৰ সংবাদ প্ৰতিষ্ঠানৰ বাহিৰৰ খেলুৱৈক দলত অন্তভূক্ত কৰে,সেই দলক প্ৰতিযোগিতাৰ যিকোনো স্তৰৰ পৰা নিলম্বন কৰা হব ৷অংশগ্ৰহণকাৰী দলসমূহে সবিশেষ জানিবৰ বাবে গুৱাহাটী প্ৰেছ ক্লাব অথবা ৮০১১৭৪৫৯৯৯ আৰু ৭০০২৭০০৪৮৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close