অসমচলচ্চিত্ৰজগতশীৰ্ষ

২০ চেপ্তেম্বৰত ছবিগৃহত ‘বুল বুল কেন ছিং’

অসমীয়া চলচ্চিত্ৰৰ সোণালী অধ্যায়। ইখনৰ পিছত সিখন অসমীয়া ছবিৰ মুক্তি লাভেৰে অসমীয়া চলচ্চিত্ৰৰ সোণালী যুগ যেন পুনৰ ঘূৰি আহিছে এই কথাই এতিয়া প্ৰমাণিত হৈছে। শেহতীয়াকৈ জুবিন গাৰ্গৰ কাঞ্চনজংঘাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক সহাৰি লাভ কৰাৰ পিছতেই অহা ২০ চেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তিলাভ কৰিব বিশিষ্ট পৰিচালক ৰীমা দাসৰ নতুন অসমীয়া ছবি বুল বুল কেন ছিং। ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনে ৰাজ্যৰ দৰ্শকৰ পৰাও আদৰ মৰম লাভ কৰিব পাৰিব বুলি আশাবাদী পৰিচালক ৰীমা দাস। ইতিমধ্যে ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰ্ছে”ও ব্যাপক সহাৰি লাভ কৰিছিল জনসাধাৰণৰ মাজত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close