অসমবিশেষশীৰ্ষ

২য় সংখ্যক নবীন প্ৰবীণ শিল্পীৰ হোলীগীত সমাৰোহ

মফিদুল হক,বৰপেটা

অহা ১মাৰ্চ ২০২০ ইং তাৰিখ দেওৱাৰে  শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যান দক্ষিণ হাতি বৰপেটাৰ বাকৰিত অনুস্থিত হব ২য় সংখ্যক নবীন প্ৰবীণ শিল্পীৰ হোলীগীতৰ সমাৰোহ। উক্ত অনুস্থানত এইবাৰ প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হব হোলী সাধক বঁটা এই বঁটাটিৰ বাবে মোনোনিত কৰা হৈছে হোলীগীতৰ লগত ওতঃপ্ৰোত তথা নিৰবিচ্ছিন্ন ভাবে লাগি থকা বৰপেটাৰ দক্ষিণ হাতি নিবাসী সকলোৰে পৰিচিত  শ্ৰীযুত প্ৰমথ ৰঞ্জন দাস (কন্তি) দেৱলৈ। উক্ত বঁটাটি প্ৰদান কৰিব প্ৰয়াত অতুল গোস্বামী চাৰৰ স্মৃতিত তেওঁৰ সহধৰ্মিনিয়ে। সেয়েহে সকলো ৰাইজৰ উপস্থিতি উদ্যোগতাৰ তৰফৰ পৰা কামনা কৰা হৈছে। উক্ত দিনৰ সাংস্কৃতিক অনুষ্ঠানত হোলীগীতৰ সুৰৰ মূৰ্চনাৰে সকলোকে আপ্লুত কৰিব জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close