বিনোদনবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

১ লাখ ১০ হেজাৰ টকীয়া কুকুৰা

এটা কুকুৰাৰ মূল্য কিমান বুলি সােধাৰ লগে লগে হয়তাে সকলােৱে টপৰাই উত্তৰ দিব ৩০০-৫০০ টকা (প্রতি কেজি হিচাপত)। কিন্তু আজি আমি এটি বিশেষ কুকুৰাৰ কথা ক’বলৈ ওলাইছাে। যাৰ মূল্য হয়তাে শুনাৰ লগে লগেই সকলােৰে চকু কপালত উঠিব। এশ-দুশ নহয় এই কুকুৰাটোৰ মূল্য প্রায় এক লাখ দহ হেজাৰ টকা।

অবিশ্বাস্য যেন লাগিলেও এই বিশেষ কুকুৰাটোৰ সন্ধান পােৱা গৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ কোট্টায়ামত। শেহতীয়া তথ্য অনুসৰি কোট্টায়ামৰ পনৈপল্লী চেইন্ট জর্জ জে’কবিট চিৰিয়ান অর্থড’ চার্চত প্রতিবছৰে কুকুৰা নিলাম অনুষ্ঠান অনুষ্ঠিত হয়। প্রতমাৱস্থত এই নিলাম অনুষ্ঠানত কুকুৰাৰ মূল্য ১৫ হেজাৰৰ পৰা ৬০ হেজাৰলৈ উঠিছিল। প্রতি বছৰে এই চার্চত উৎসৱৰ অংগ হিচাপে এই কুকুৰা নিলাম কৰা হয়। প্রথা অনুসৰি উৎসৱৰ সময়ত এলেকাৰ মানুহে চাৰ্চত ৰুটি আৰু কুকুৰা দান কৰে। আৰু সেই কুকুৰা ৰান্ধি ৰুটিৰ সৈতে সর্বসাধাৰণৰ মাজত বিতৰণ কৰা হয়। কিন্তু দান কৰা সেইসমূহ কুকুৰাৰ মাজৰ পৰা এটি কুকুৰা নিলামত উঠোৱা হয়। সেই কুকুৰাটোক কোৱা হয় ‘পন্নুম কোঝি’। নিলামত আটাইতকৈ উচ্চ মূল্য দিয়াজনকে এই কুকুৰাটো প্রদান কৰা হয়। বিগত ওঠৰ বছৰ ধৰি মনােজ যােচেফ নামৰ এগৰাকী ব্যক্তিয়ে নিলামত অংশগ্ৰহণ কৰি এই বিশেষ কুকুৰাটো ক্রয় কৰি আহিছে। মনােজ কোট্টায়ামৰেই বাসিন্দা যদিও ব্যৱসায় সূত্রে তেওঁ কোয়ম্ব্যুৰত থাকে। চার্চ সংলগ্ন এলেকাৰ এগৰাকী মহিলাৰ সৈতে তেওঁ ১৮ বছৰ পূর্বে বিবাহপাশত আবদ্ধ হয়। তাৰ পাছৰে পৰা মনােজে প্রতিবছৰে এই নিলামত অংশগ্রহণ কৰি কুকুৰাটো নিজৰ কৰি লয়। কিন্তু পূর্বৰ তুলনাত এইবাৰ কুকুৰাটোৰ দৰ যথেষ্ট উঠে নিলামত।যিয়ে পূর্বৰ সকলাে অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।তথাপিও যেন মনােজ যােচেফে যথেষ্ট সুখী। উল্লেখ্য যে, কাৰণ দিয়ে নহওক কিয় বর্তমান এই লাখটকীয়া কুকুৰাটোৱে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close