
২১ সংখ্যক উত্তৰ-পূব গ্রন্থমেলা গ্রন্থৰ আমােলমােল সুৱাসেৰে ১নৱেম্বৰৰপৰা সুৱাসিত হ’ব চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰ। সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ১নৱেম্বৰৰ পৰা ১২নৱেম্বৰলৈকে এই খেলপথাৰতে অনুষ্ঠিত হ’ব ২১ সংখ্যক উত্তৰ-পূব গ্রন্থমেলা। ১নৱেম্বৰৰ বিয়লি ৪ বজাত দেশৰ উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে এই গ্রন্থমেলা উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, শিক্ষা মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, নেচনেল বুক ট্রাষ্টৰ সঞ্চালক মীৰা জৈন আৰু প্রাক্তন সাংসদ ৰমেন ডেকাই অংশগ্রহণ কৰিব। তদুপৰি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। গ্রন্থমেলাস্থলীত আয়ােজিত এখন সংবাদমেলত এই কথা সদৰী কৰে সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গােস্বামীয়ে। তেওঁ জানিবলৈ দিয়া মতে এইবাৰ গ্রন্থমেলাত নতুন দিল্লী, কলকাতা, লুধিয়ানা, অন্ধ্রপ্রদেশ, পঞ্জাব, গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইৰ বহুকেইটা প্রকাশন প্রতিষ্ঠানে অংশগ্রহণ কৰিছে। তদুপৰি আন্তঃৰাষ্ট্ৰীয় প্রকাশন গােষ্ঠী পেংগুইন-ৰেণ্ডম হাউছ ইণ্ডিয়া, মেকগ্রহিল এডুকেচন, অক্সফ’র্ড ইউনিভাৰ্ছিটী প্রেছ। আৰু বাংলাদেশ প্রকাশন গােষ্ঠীয়ে গ্রন্থমেলাত অংশগ্রহণ কৰিব। মুঠ ৭৫ টা প্রকাশন গােষ্ঠীৰে এইবাৰ গ্রন্থমেলাত ২৭০ খন বিপণী থাকিব বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে প্রকাশ কৰে।