অসমবিশেষশীৰ্ষ

১৭ বছৰ অনুৰ্দ্ধৰ ৰাভা হাছং ফুটবলত ডিৰ্মা-জাখিলী চেম্পিয়নশ্বিপ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ পৰিচালনাত যোৱা ২১ জানুৱাৰীৰ পৰা দুধনৈৰ উদয়পুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা ১৭ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেলত ডিৰ্মা-জাখিলী ফুটবল একাদশে পূৱ অজগৰ আঞ্চলিক একাদশক ফুটবল দলক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে । তীব্ৰ প্ৰতিদন্দ্বিতামূলক খেলখনৰ প্ৰথমাৰ্ধৰ দহ মিনিটত ডিৰ্মা-জাখিলী একাদশে পূৱ অজগৰ আঞ্চলিক ফুটবল একাদশক প্ৰথমটো গ’ল দিয়ে বিজয় নিশ্চিত কৰে ।প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ডিৰ্মা-জাখিলী ফুটবল দলৰ দীপুঞ্জয় ৰাভা , শ্ৰেষ্ঠ গ’ল দাতাৰ সন্মান লাভ কৰে পূৱ অজগৰ দলৰ মৃন্ময় ৰাভা ।আনহাতে শৃংখলা ৱদ্ধ দলৰ সন্মান লাভ কৰে লুকী একাদশক ফুটবল দ’লে । খেলৰ অন্তত অনুষ্ঠিত বটাঁ বিতৰণী অনুষ্ঠানত বটাঁ সমূহ প্ৰদান কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দুধনৈ বিধানসভা সমষ্টিৰ বিধায়কৰ দীপক কুমাৰ ৰাভা আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য অধ্যক্ষ চাৰুমোহন ৰাভা, উপাধ্যক্ষ ৰমাকান্ত ৰাভাই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close