অসমশীৰ্ষ

হোটেল ব্যৱসায়ীসকলৰ বাটকটীয়া যতীন্দ্ৰনাথ বেজবৰুৱাৰ নামত শিৱসাগৰত পথ উন্মোচন

অমৃত কুমাৰ শৰ্মা

শিৱসাগৰ নগৰৰ বেজবৰুৱাচুকত অৱস্থিত পিয়লি ফুকন ষ্টেডিয়ামলৈ যোৱা ৩ নং উপ-পথটো ২১ জুলাই, দেওবাৰে বিখ্যাত বেজবৰুৱা বংশৰ অন্যতম সুযোগ্য সন্তান তথা বিশিষ্ট ব্যৱসায়ী যতীন্দ্ৰনাথ বেজবৰুৱা পথ নামেৰে উন্মোচন কৰা হয় |  অনুস্থানৰ প্ৰথম কাৰ্য্যসূচী অনুসৰি আদৰ্শৱান ব্যক্তি, সমাজ সংগঠক, হোটেল ব্যৱসায়ী সকলৰ বাটকটীয়া যতীন্দ্ৰনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ বৰপুত্ৰ প্ৰশান্ত বেজবৰুৱাই | আনহাতে পুস্পাঞ্জলী অৰ্পণ কৰে ক্ৰমে মাজুপুত্ৰ জয়ন্ত বেজবৰুৱা, বোৱাৰী ড০ অদিতি বেজবৰুৱা, ড০ প্ৰকাশ কটকী, প্ৰবীণ বেজবৰুৱা, দীপক বৰঠাকুৰ, জীতেন গোস্বামী, ৰক্তিম বেজবৰুৱা,অমৃত কুমাৰ শৰ্মা,সংগ্ৰাম বেজবৰুৱাকে আদি কৰি স্থানীয় ৰাইজে | তাৰ পিছতেই  ৰাইজৰ সহযোগত স্বৰ্গীয় যতীন্দ্ৰনাথ বেজবৰুৱাৰ নামেৰে নামাকৰণ কৰা তিনি নং উপ-পথটো উন্মোচন কৰে শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিংহই | সহযোগিতা আগবঢ়াই শিক্ষাবিদ ড০ প্ৰকাশ কটকীয়ে | পথ উন্মোচন কৰি পৌৰনেত্ৰীয়ে বেজবৰুৱা বংশ আৰু স্থানীয় ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে | বন্তি প্ৰজ্বলন আৰু পথ উন্মোচনী অনুস্থানৰ আঁত ধৰে শিক্ষক মুকুল নাথে |

উল্লেখযোগ্য যে, অনুস্থানৰ লগত সংগতি ৰাখি বেজবৰুৱাচুকৰ অনিৰুদ্ধ কণিষ্ঠ মহাবিদ্যালয়ত শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰকাশ কটকীৰ সভাপতিত্বত এখনি পথ উন্মোচনী সভা অনুষ্ঠিত হয় | সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বেজবৰুৱা বংশৰ প্ৰবীণ বেজবৰুৱাই | সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ক্ৰমে পৌৰসভাৰ সভানেত্ৰী  মৃদুস্মিতা সিংহ, বৰপুত্ৰ প্ৰশান্ত বেজবৰুৱা, মাজুপুত্ৰ জয়ন্ত বেজবৰুৱা, সমাজকৰ্মী জীতেন গোস্বামীয়ে |আনহাতে মুখ্য বক্তা হিচাপে উপস্থিত থাকি বোৱাৰী তথা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ অদিতি বেজবৰুৱাই ৰাইজৰ আগত যতীন্দ্ৰনাথ বেজবৰুৱাৰ সংগ্ৰামী জীৱন যাত্ৰাৰ বিস্তৃত বিৱৰণ দাঙি ধৰি যথেষ্ট আৱেগিক হৈ পৰে | শিক্ষাবিদ ড০ প্ৰকাশ কটকীয়ে নিজৰ বক্তব্যত মহান ব্যক্তিগৰাকীৰ স্মৃতি যুগমীয়া কৰা অৰ্থে এটি আবক্ষ মূৰ্তি নিৰ্মাণ কৰিলে ভাল হয় বুলি সভাত উল্লেখ কৰে | বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিৎ চহৰীয়া, সংবাদকৰ্মী অমৃত কুমাৰ শৰ্মা, অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া কিৰণ চেতিয়া, সমাজকৰ্মী ৰক্তিম বেজবৰুৱা, ক্ৰীয়া সংগঠক সংগ্ৰাম বেজবৰুৱাৰ লগতে প্ৰায় অৰ্ধশতাধিক ৰাইজ উপস্থিত থকা উক্ত সভাত পৌৰনেত্ৰী মৃদুস্মিতা সিংহ, শিক্ষক মুকুল নাথ, ব্ৰাহ্মণ মহিলা সমাজৰ সুৰ বৰবৰা আদিয়ে নিজৰ অনুভৱ ব্যক্ত কৰে | সমগ্ৰ অনুস্থানটিত বিশেষভাৱে সহযোগিতা আগবঢ়াই ভতিজা বোৱাৰী জুৰি বেজবৰুৱা আৰু নাতিনী কংকনা বেজবৰুৱাই ||

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close