আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

হেৰুওৱা কেমেৰা উদ্ধাৰ

প্রায় তিনিবছৰ পূর্বে সাগৰত হেৰুওৱা এটি কেমেৰাৰ সন্ধান পােৱা গৈছে। কেৱল মাত্র অক্ষত নহয় কেমেৰাটি বর্তমানেও সম্পূর্ণ কার্যক্ষম অৱস্থাত উদ্ধাৰ কৰা হৈছে। জাপানৰ এটি দ্বীপত হেৰুওৱা কেমেৰাটি উদ্ধাৰ হৈছে টাইৱানৰ সমুদ্রত। ২০১৫ বৰ্ষৰ ছেপ্টেম্বৰ মাহত জাপানৰ ছােফিয়া বিশ্ববিদ্যালয়ৰ ছাত্রী মিছ চেৰিনা চুকিহাৰাই জাপানৰ ইচিগাকি দ্বীপত ছুটী কটাবলৈ গৈছিল। স্কুৱা ড্রাইভিং কৰাৰ সময়ত কেমেৰাটো দুর্ভাগ্যবশত পানীত পৰি যায়। এনেকৈ সাগৰত পৰি যােৱা বাবে কেমেৰাটো বিচাৰি পােৱাৰ আশা বাদেই দিছিল চেৰিনাই। কিন্তু দুবছৰ পাৰ হৈ যােৱাৰ পিছত ১৫৫ মাইল দূৰত্বত টাইৱানৰ চুয়াত টাউনশিপ সমুদ্রত উদ্ধাৰ হৈছে কেমেৰাটো। শেহতীয়া তথ্য অনুসৰি টাইৱানৰ প্রাথমিক বিদ্যালয়ৰ কেইগৰাকীমান শিক্ষার্থীয়ে উদ্ধাৰ কৰে কেমেৰাটো। স্কুলৰ ফালৰপৰা সাগৰৰ পাৰ পৰিস্কাৰ কৰিবলৈ গৈছিল শিক্ষার্থীসকলে। হঠাৎ এজন ছাত্রই প্রত্যক্ষ কৰে এটি পাথৰ সদৃশ জিলিকি থকা সামগ্রী। আনন্দত উৎফুল্লিত হৈ শিক্ষার্থীসকলে বস্তুটো ভালদৰে চাই বুজিব পাৰিলে যে এইটো এটা ডাইভিং কেচত ভৰাই থােৱা কেমেৰা। অতি আশ্চৰ্যকৰ বিষয় যে, ডাইভিং কেচত ভৰােৱা থকা বাবে কেমেৰাটোত এটোপাল পানীও নাই তথা সম্পূর্ণ অক্ষত অৱস্থাত আছে। ছাত্ৰজনে কেমেৰাটো অন কৰি দেখিবলৈ পালে যে কেমেৰাৰ বেটাৰিৰ চার্জ এই পর্যন্ত শেষ হােৱা নাই। তাৰ পাছতেই শিক্ষকৰ সহায়ত ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেমেৰাৰ গৰাকীৰ অনুসন্ধানত নামি পৰে। কেমেৰাৰ মেমৰিত থকা ফটোৰ জৰিয়তে জানিব পৰা গৈছিল যে কেমেৰাৰ গৰাকী জাপানিজ। সেইবাবে গৰাকীৰ সন্ধান উলিয়াবলৈ সহায় কৰে জাপানত কৰ্মৰত টাইৱানৰ ৰাষ্ট্রদূতে। প্রায় ১২ ঘণ্টাৰ মূৰত অনুসন্ধান পাবলৈ সক্ষম হয় গৰাকীজনৰ। উল্লেখ্য যে, সাগৰত হেৰুওৱা কেমেৰাটো উদ্ধাৰ হােৱা খবৰটো বন্ধুৰ পৰা পােৱাৰ পিছত অবাক হৈ পৰে চেৰিনা।হেৰুওৱা কেমেৰা নিজৰ হাতত আকৌ উভতাই পাবলৈ অত্যন্ত আগ্রহী হৈ পৰিছে যুৱতীগৰাকী। উদ্ধাৰকাৰী শিক্ষার্থীসকলক ধন্যবাদ জনাবলৈ টাইৱানলৈ যাত্ৰা কৰিব চেৰিনাই।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close