
যুৱ লেখক ,নাট্য সমালোচক শোণিতপুৰ জিলা জামুগুৰিহাটৰ মাধৱ গাঁৱৰ নিৱাসী হিমাংশু ৰঞ্জন ভূঞাই ৰাষ্ট্ৰীয় শীৰ্ষক বটাঁ লাভ । ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক সংস্থা অনুমোদিত ভাৰতীয় যুৱ কল্যাণ পৰিষদ আৰু “youth Indian ৰেকৰ্ডছ”য়ে “ৰাষ্ট্ৰীয় যুৱ দিৱসৰ” সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা থকা যুৱ প্ৰজম্মৰ মাজত অনুষ্ঠিত কৰা ” Indian youth ষ্টাৰ এৱাৰ্ডৰ সম্মানীয় বটাঁ বছৰে বছৰে প্ৰদান কৰি আহিছে । শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মাধৱ গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী নলিনী ৰঞ্জন ভূঞা আৰু জুৰি ভূঞাৰ সু-সন্তান । তেওঁৰ ২০০৬ চনৰ পৰায়ে বিভিন্ন বাতৰি কাকত আৰু আলোচনী বিলাকত নিয়মীয়া ভাৱে বিভিন্ন বিষয়ত লেখা-মেলা কৰি আহিছে । বৰ্তমান নাগশংকৰ শিক্ষা কেন্দ্ৰৰ ( mondal সমন্বয়ক চি আৰ চি চি কৰ্মৰত ।) ইয়াৰ আগতেই তেওঁৰ Indian ষ্টাৰ passion এৱাৰ্ড পাইছিল । চিৰাজ দ্ৰৌপদী , অন্যান্য গদ্য , মোৰ প্ৰেয়সীৰ বিয়া , জীয়াভৰলীৰ পলস আৰু সাম্প্ৰতিক সময় প্ৰাসংগিক চিন্তা শীৰ্ষক গ্ৰন্থ কেইখন প্ৰকাশ হৈছে ।