
ৰাভা জনগোষ্ঠীৰ দুটি ভিডিঅ’ গীত মুক্তিৰ লগে লগে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ইয়াৰে ইউ চি প্ৰডাকচনৰ “টেঙা বিলৰ পাৰতে” নামৰ এটি পাতি ৰাভাৰ গীত আৰু আনটি পাজাৰ এলবামৰ ৰাভা ভাষাৰ গীত৷
গীত দুটিৰ প্ৰয়োজক হিতেশ ৰুংদুংৰ ৷ টেঙা বিলৰ পাৰতে গীতটিত কণ্ঠদান কৰিছে পল্লৱী তাৰা, সংগীত হিতেশ ৰুংদুংৰ বিপৰীতে ভিডিঅ’গ্ৰাফী চিন্ময় ৰাভা, পৰিচালক অৰূপ ডি ৰাভাৰ লগতে অতি সুন্দৰকৈ অভিয়ন কৰিছে হিক আৰ ডি আৰু জেচিকা গয়াৰীয়ে ৷ আনহাতে পাজাৰ এলবামৰ “জিম জিমে” শীৰ্ষক নামৰ গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী পাঞ্চুনা ৰাভা ৷ ভিডিঅ’ এলবাম দুটি শুভমুক্তি দিয়াৰ লগে লগে শ্ৰোতা ৰাইজে আকোৱালি হৈছে আৰু ছ’চিয়েল মেডিয়াত অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, গীতিকাৰ/প্ৰয়োজক হিতেশ ৰুংদুঙৰ ইতিমধ্যে কেইবাটাও ৰাভা গীতে ৰাইজৰ পৰা ভূয়ংসী প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷