আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

হার্ট বিট ৰিডিং ডিভাইচ আৱিষ্কাৰ

চিকিৎসা বিজ্ঞানত আন এক নতুন সংযােজন। এগৰাকী ভাৰতীয় বৈজ্ঞানিক আৰু ব্রিটিছ চিকিৎসা বৈজ্ঞানিকৰ যুটীয়া প্ৰচেষ্টাত এটি নতুন চিকিৎসা যন্ত্ৰৰ উদ্ভাৱন ঘটিছে। এই যন্ত্ৰটোৰ নাম ‘হার্ট বিট ৰিডিং ডিভাইচ। এই ডিভাইচৰ জৰিয়তে হৃদযন্ত্ৰৰ অনিয়মিত তথা বিপদজনক স্পন্দন চিনাক্ত কৰাৰ লগতে মস্তিষ্ক ৰক্তক্ষৰণৰ ক্ষতিকৰ প্ৰভাৱ কমাব পৰা যাব। হৃদৰােগ বিশেষজ্ঞ ক্লিনিকেল ছায়েন্টি ডাঃ ৰামিন চাকুৰে এই ডিভাইচটো উদ্ভাৱন কৰি উলিয়াইছে। ইতিমধ্যে ডিভাইচটোৱে বিশ্বৰ হৃদৰােগৰ ক্ষেত্ৰত প্ৰথমটো ডিভাইচৰ স্ফীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূর্বে বহু বৈজ্ঞানিকে বহু ন ন ডিভাইচ চিকিৎসা ব্যৱস্থাত সংযােজন ঘটাইছে যদিও কার্যকৰী হােৱা নাছিল। কেমব্রিজ ছায়েন্স পার্ক জার্ণালৰ শেহতীয়া তথ্য অনুসৰি এই ডিভাইচবিধ মণিটৰত সংযােজন কৰি হৃদৰােগ তথা ইয়াৰ বিপদজনক স্পন্দন চিনাক্ত কৰিব পৰা যায়। ইয়াৰ উপৰি মস্তিষ্ক ৰক্তক্ষৰণৰ বহু তথ্যই লাভ কৰিব পাৰিব। এই ডিভাইচটোৰ মাধ্যমৰ জৰিয়তে আন এক তথ্যত পােহৰলৈ আহিছে যে কোনাে ৰােগীৰ ইচিজি কৰিবলৈ প্রয়ােজন হলে হল্টাৰ মণ্টিৰ নামৰ এটি ডিভাইচ ব্যৱহাৰ কৰা হয়। যাৰ সহায়ত ৰােগীগৰাকীৰ বুকুত ১২খন লিড ব্যৱহাৰ কৰা হয়। যি স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। কিন্তু নৱ উদ্ভাৱিত এই ডিভাইচটি ‘দ্য ক্লাউড’নামৰ এটি ম’বাইল এপছ ব্যৱহাৰ কৰিয়েই হার্ট বিট গণনা কৰিব পৰা যাব। যাৰ কোনাে পার্শ্ব প্রতিক্রিয়া নাই। ইউনিভাৰছিটি অৱ কেমব্রিজ ক্লিনিকেল ফেল’ ডাঃ ৰামিনৰ শেহতীয়া তথ্য অনুসৰি এই ডিভাইচবিধ হ’ল তাৎক্ষণিকভাৱে ইচিজি প্রদর্শনৰ বিশ্বৰ একমাত্র ডিভাইচ। এদিনত ১০/১৫জন ব্যক্তিয়ে এই ডিভাইচবিধ ব্যৱহাৰ কৰিব পাৰিব। উল্লেখ্য যে, এই ডিভাইচবিধৰ প্রাথমিক পৰীক্ষা সমাপ্ত হৈছে। ইতিমধ্যে সাফল্যও লাভ কৰা দেখিবলৈ পােৱা গৈছে। বিশ্বৰ ভিন্ন প্রান্তত ইতিমধ্যে ইয়াৰ বহু প্রয়ােগ দেখিবলৈ পােৱা গৈছে। শীঘ্রেই ভাৰতৰ চিকিৎসা কেন্দ্ৰসমূহত ইয়াক ব্যৱহাৰ কৰিব বুলি মত প্রকাশ কৰিছে। এই ক্ষেত্ৰত চৰকাৰী সহযােগিতাও কামনা কৰা হৈছে। সঁচাকৈয়ে এই ডিভাইচ পদ্ধতিয়ে যদি চিকিৎসা বিজ্ঞানত এক অগ্রণী ভূমিকা লাভ কৰে তেন্তে বহু হৃদৰােগীৰ সংখ্যা হ্রাস পােৱাত সহায়ক হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close