
বিজ্ঞানৰ ইতিহাসত হাবলৰ দৃষ্টিয়ে এক বিশেষ ভূমিকা পালন কৰে। তেওঁ মহাবিশ্বৰ যি সংজ্ঞা আগবঢ়াইছিল সেয়া হয়তাে অন্য বৈজ্ঞানিকৰ তুলনাত যথেষ্ট ব্যতিক্রম।সেয়ে হয়তাে হাবল আজিও বিজ্ঞানৰ ইতিহাসত জিলিকি আছে। এইগৰাকী মহান আমেৰিকান জ্যোর্তিবিজ্ঞানী এডুইন হাবলৰ জন্ম হৈছিল ১৮৮৯ চনত। তেওঁ আজিও বিখ্যাত হৈ ৰৈছে তেওঁৰ জীৱনৰ দুটি যুগান্তকাৰী পর্যবেক্ষণৰ বাবে। হাবলে ১৯১৯ চনত কেলিফর্ণিয়াৰ মাউন্ট ইউলচনৰ পর্যবেক্ষণ কেন্দ্ৰত যােগদান কৰিছিল। ১০০ ইঞ্চিৰ হুকাৰ টেলিস্কোপৰ সহায়ত তেওঁ প্ৰথমটো ধাৰণা আগবঢ়াইছিল যে মহাবিশ্বত মিলকিঅ’ গেলেৰি সমান্তৰালকৈ আৰু কেইবাটাও গেলে’িয়ে প্রভাৱ বিস্তাৰ কৰি আছে। পূর্বতে প্রমাণিত কৰা হৈছিল যে মহাবিশ্বত একমাত্র মিলকিঅ’ গেলেশিয়ে প্রভাৱ বিস্তাৰ কৰি আছে। কিন্তু পূর্বৰ সেই গৱেষণা ভুল বুলি প্রমাণিত কৰিলে হাবলে। হাবলে যুক্তি প্রমাণসহ সেই তথ্যক নস্যাৎ কৰি বিজ্ঞানৰ ইতিহাসত অন্য এক দিশ উন্মােচন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বিতীয়টো পর্যবেক্ষণ তথা গৱেষণা আছিল— তেওঁ ধৰা পেলােৱা গেলে’ি বর্ণালীসমূহৰ তীব্রতা তথা দূৰত্ব নিৰূপণ কৰা। তেখেতে গৱেষণাত প্রমাণ কৰিছিল যে এই গেলে’ি পােহৰৰ কণাসমূহ ৰঙা ৰঙৰ দিশে অগ্ৰসৰ হয়। ১৯২৯ চনলৈকে তেওঁ মুঠ ১৮টা গেলেৰি দূৰত্ব তথা বর্ণালী পর্যবেক্ষণ কৰে। এই পর্যবেক্ষণত আন এটা দিশ উন্মােচিত হৈছিল সেয়া হল দূৰত্ব অনুযায়ী ইয়াৰ পােহৰৰ তাৰতম্যৰ দৃঢ়তা। উল্লেখ্য যে, হাবলৰ এই দুটি দৃষ্টিভংগীয়ে পূর্বৰ বৈজ্ঞানিকসকলৰ যি গৱেষণা মুহূর্ততে নিঃশেষ কৰি পেলাইছিল। আৰু লগে লগে সলনি হৈছিল মহাবিশ্বৰ ধাৰণা। আৰু এই ধাৰণাই কিন্তু এতিয়ালৈকে বিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী ধাৰণা হিচাপে বিবেচিত হৈছে।