অসমবিশেষশীৰ্ষ

সৰ্বভাৰতীয় জাপান কাৰাটেত কামপুৰৰ ছাত্ৰৰ কৃতিত্ব

ৰূপজ্যোতি ভূঞা, কামপুৰ

অসমৰ ক্ৰীড়া জগতলৈ সুনাম আনিবলৈ সক্ষম হৈছে কামপুৰৰ এজন ছাত্ৰই ।মুম্বাই থানেত অনুষ্ঠিত সৰ্বভাৰতীয় জাপান কাৰাটে ডু এচশ্বিয়েচনৰ ব্লেক বেল্ট ফ্ৰাষ্টডান পৰীক্ষাত টাহছিন মুমতাকিম শ্বেখে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে । উক্ত পৰীক্ষা গ্ৰহনত উপস্থিত থাকে লগতে চাৰি দিনীয়া প্ৰশিক্ষণো দিয়ে বিশ্ব ছেম্পিয়ন জাপানৰ টাটাছুইয়া নাকা ছানছাই আৰু সৰ্বভাৰতীয় প্ৰশিক্ষকক মিলন ত্ৰিবেদী । কচুৱাৰ শিঙিমাৰীৰ আব্দুল জব্বৰ পুত্ৰ টাহছিন মুমতাকিম শ্বেখ বৰ্তনান নগাঁৱৰ লইলা ইংলিছ মেডিয়াম হাইস্কুলৰ নৱম মান ছাত্ৰ আৰু নগাঁৱৰ লিলা বৰা নামৰ প্ৰশিক্ষক জনৰ কাৰাটেৰ প্ৰশিক্ষন লৈ আছে।সৰুৰে পৰা কাৰাটে খেলৰ লগত জড়িত ছাত্ৰজনে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত কাৰাটে খেলি সুনাম অৰ্জন কৰিছে ।।ভৱিষ্যতে কাৰাটেৰ এজন সুদক্ষ খেলুৱৈ হৈ দেশৰ সুনাম কঢ়িয়াই অনাৰ আশা পুহি ৰখা ছাত্ৰ জনে চৰকাৰৰ পৰা সকলো ধৰনৰ সহায়ৰ আশা কৰিছে ।ছাত্ৰ জনৰ এই কৃতিত্বত উৎফল্লিত পিতৃ মাতৃও ।পিতৃ আব্দুল জব্বৰে জানিব দিয়ে যে পুত্ৰ টাহছিন মুমতাকিম শ্বেখে যেতিয়া লৈকে কাৰাটে খেলি যায় তেতিয়ালৈকে তেওঁ সহায় কৰি যাব ।ছাত্ৰ জনক ভৱিষ্যত ভাৰতৰ বাহিৰত খেলুৱাৰ আশা পুহি ৰখা বুলিও ব্যক্ত কৰে জব্বৰে ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close