অসমবিশেষশীৰ্ষ

সৰভোগ উপ কোষাগাৰ উদ্বোধন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ছহিজুল আলী, সৰভোগ

আজি পুৱা ১১ বজাত অসম চৰকাৰৰ স্বাস্থ্য-বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰভোগত স্থাপন কৰা উপ কোষাগাৰটো উদ্বোধন কৰে,তাৰ কিছু সময় পিছতে মন্ত্ৰী গৰাকীয়ে সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ,সৰভোগ মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে৷দুয়োটা কাৰ্যসূচীৰ পিছত কালি মন্দিৰ প্ৰাংগনত ৫০ খন খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়ৰ মাংগলিক শুভাৰম্ভ অনুষ্ঠান আৰু সৰভোগ উপ কোষাগাৰ উদ্বোধনী অনুষ্ঠান বুলি এখন বিশেষ সভা অনুষ্ঠিত হয়৷সভাত নিজ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে- সৰভোগবাসীৰ দীৰ্ঘদিনীয়া সপোন আজি পূৰণ হ’ল৷অসম চৰকাৰৰ বিত্ত বিভাগৰ অধীনত উপ কোষাগাৰ এটি সৰভোগত স্থাপন হ’ল৷

এই কোষাগাৰটোৰ জৰিয়তে সৰভোগ,বৰপেটাৰোড,কলগাছিয়া অঞ্চলত থকা চৰকাৰৰ কাৰ্যালয়ৰ বিত্তীয় লেনদেন,চাকৰিৰ বাবে আবেদন বা যোগদানৰ বাবে ট্ৰেজাৰিৰ চালান আদিকে ধৰি বিভিন্ন সুবিধা লব পাৰিব চৰকাৰী কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজে৷মহকুমা চিকিৎসালয় মহকুমা থাকিলহে দিয়া হয়,কিন্তু আমি সৰভোগত মহকুমা নহোৱাকৈ চিকিৎসালয়খন দিলো,১২ কৌটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হবলগীয়া চিকিৎসালয়খন ২ বছৰৰ ভিতৰত সম্পূৰ্ণ হব বুলিও কয়,ইয়াত সকলোধৰণৰ উন্নত চিকিৎসা সেৱা উপলব্ধ হব৷২০১৭/১৮ বাজেটত ঘোষণা কৰা,দুগ্ধ বিজ্ঞান মহাবিদ্যালয়খন সৰভোগৰ পৰা প্ৰয়োজনীয় মাটি আবণ্টন নহোৱাৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হৈছে,প্ৰয়োজনীয় ভূমি আবণ্টন পালেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলি কয়৷গুৰুত্বপূৰ্ণ বিষয় যে- সৰভোগ আৰু জনিয়া সমষ্টিৰ বৃহত্তৰ অঞ্চল সামৰি গড়কাপ্তানি বিভাগৰ এক নতুন ডিবিচনে বৰপেটাৰোডৰ পৰা কাম আৰম্ভ কৰিব,এই সম্পৰ্কত সিদ্ধান্ত লোৱা বুলি ৰাইজক অৱগত কৰি,ইতিমধ্যে গড়কাপ্তানি বিভাগে সৰভোগ সমষ্টিত দ্বিতীয়খন অভাৰব্ৰীজ সৰভোগত নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে,যাতে ৰাইজে সুন্দৰকৈ ৰেলগেট পাৰ হব পাৰে৷দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৌভাগ্য আচনিখনৰ জৰিয়তে দেশৰ দুখীয়া মানুহক বিনামূলীয়া বিদ্যুত যোগানেৰে,তেওঁলোকৰ ঘৰবোৰ পোহৰাই তুলিলে,ৰাজ্যৰ প্ৰতিগৰাকী বৃদ্ধই বৃদ্ধ পেঞ্চন লাভ কৰিছে,দুই এদিনতে ৰাজ্যৰ প্ৰতিগৰাকী বিধবা মাতৃক পেঞ্চনৰ ব্যৱস্থা কৰিব বুলি কয়,এজনো মানুহৰ নাম বাদ নপোৰাকৈ এই পেঞ্চন ব্যৱস্থা কৰিব,ইতিমধ্যে কেবিনেটত অনুমদন দিছে,বিত্ত বিভাগেও পূজি যোগান ধৰিছে,গ্ৰামোন্নয়ন বিভাগে কমদিনৰ ভিতৰত ৰূপায়ণ কৰিব৷এই সভাতে উপস্থিত থাকি,ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে কয় যে-আজিৰ দিনটো সৰভোগ সমষ্টিৰ ৰাইজৰ বাবে এক উল্লেখযোগ্য দিন,আজিৰ দিনটোৰ পৰাই সৰভোগে এক নতুন দিগন্তৰ সূচনা কৰিব৷সৰভোগ উপ কোষাগাৰটোৰ জৰিয়তে সৰভোগ বাসী ৰাইজৰ দীৰ্ঘদিনৰ সপোন পূৰণ হব,আমাৰ ৰাইজে চিকিৎসা সেৱাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখিন হৈ আছিল,সৰভোগ মহকুমা অসামৰিক চিকিৎসালয়খন সম্পূৰ্ণ হৈ উঠাৰ পিছত,সকলো সমস্যা সমাধান হব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close