অসমবিশেষশীৰ্ষ

সৰভোগৰ একাংশ যুৱক-যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ

ছহিজুল আলী, সৰভোগ

দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই বৰনগৰ অঞ্চলৰ একাংশ যুৱক-যুৱতী ওলাই আহিল বৰনগৰৰ বুৰঞ্জী প্ৰচাৰ আৰু প্ৰসাৰৰ এক মহৎ উদ্দেশ্যেৰে৷ সেই উদ্দেশ্যে আজি আবেলি ৪ বজাত সৰভোগৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া সংগঠনৰ কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়৷ সভাৰ জৰিয়তে বৰনগৰ ডিজিটেল সাংবাদিক সংস্থা, এক্সপ্লৰিকা ইড্যুকেছন এণ্ড কালচ্যাৰেল ডেভলপমেণ্ট চ’ছাইটি, ভট্টদেৱ যোগ আৰু পাৱাৰ আৰু মাইন্ডৰ যৌথ উদ্যোগত বৰনগৰত পোন প্ৰথমবাৰৰ বাবে বৰনগৰৰ সকলো মহান ব্যক্তি আৰু বুৰঞ্জীক সামৰি এখন আলোচনা চক্ৰ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আজিৰ সভাতে জোন দাসক সভাপতি, নিশ্বান্ত বৰ্মন আৰু নীতিশ ৰঞ্জন পাটগিৰিক কাৰ্যকৰী সভাপতি, বিনোদ কুমাৰ দাস আৰু পংকজ কুমাৰ নাথক উপ-সভাপতি, সাধাৰণ সম্পাদক হিচাপে ছহিজুল আলী(চলমান),গুণজিৎ বসুমতাৰী, ইনাক্ষী দাস, ভূদেৱ চৌধুৰী, নিকিতা খাতুন, চানিয়া ৰাজবংশী আৰু পিংকু মণি নাথক সাংস্কৃতিক সম্পাদক, অকন কুমাৰ মেধি, গুনীন্দ্ৰ চৌধুৰী, ভুৱনেশ্বৰ নাথ, ইনমানি দাস, মনজিৎ দাসক প্ৰচাৰ সম্পাদক আৰু সম্পাদিকা হিচাপে লৈ এখন ২০ জনীয়া শক্তিশালী সমিতি গঠন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close