অসমবিশেষশীৰ্ষ

সৰভোগত সাত দিনীয়া থিয়েটাৰ এড্যুকেছনৰ কৰ্মশালা

ছহিজুল আলী, সৰভোগ

সৰভোগৰ শিক্ষা আৰু সংস্কৃতিক বিভাগৰ লগত জড়িত এক্সপ্লৰিকা নামৰ অনুষ্ঠানটোয়ে সৰভোগত ১৯ অক্টোবৰ তাৰিখৰ পৰা সাতদিনীয়া এক্টাম-১ নাম এক নাট কৰ্মশালা অনুষ্ঠিত কৰিছিল৷এই নাট কৰ্মশালাটো আজি সামৰণি পৰে৷নাট কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল অভিনেতা তথা নাট প্ৰশিক্ষক কুলেন্দ্ৰ ৰায় চৌধুৰী৷এক্সপ্লৰিকাৰ সঞ্চালক নিশান্ত বৰ্মনে জানিব দিয়া মতে,বৰনগৰৰ যুৱ সমাজে যাতে নাটকৰ জৰিয়তে এক সুন্দৰ পৰিবেশ গঠন কৰিব পাৰে,সেইটো মূল লক্ষ্য নাট কৰ্মশালাটোৰ৷সাংবাদিক পংকজ কুমাৰ নাথৰ তত্ত্বাৱধানত গঠন হোৱা এক্সপ্লৰিকাৰ সংস্কৃতি বিভাগটোৰ পৰা আয়োজন কৰা এয়া প্ৰথম কৰ্মশালা৷এক্সপ্লৰিকাৰ জেনেৰেল মেনেজাৰ শ্ৰী গুনিন্দ্ৰ চৌধুৰীয়ে কেম্প ডিৰেক্টৰ ভুমিকা পালন কৰে তথা গুনজিত বসুমতাৰী, ভূদেৱ চৌধুৰী আৰু জোনমণি চৌধুৰীয়ে শ্ৰী পংকজ কুমাৰ নাথক তত্বাৱধায়নত সহায় কৰে৷আজিৰ সামৰণি সভাৰ জৰিয়তে কৰ্মশালাৰ প্ৰশিক্ষক কুলেন্দ্ৰ ৰায় চৌধুৰী,ছাত্ৰ-ছাত্ৰীৰ লগতে ৱেব মিডিয়া এন ই লাইভ ট্যুডেৰ সম্পাদক ছহিজুল আলীক সম্বৰ্দ্ধনা জনায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close