অসমবিশেষশীৰ্ষ

মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থান-মইনবড়ী সত্ৰত মাঘ বিহু পালন

ছহিজুল আলী, সৰভোগ

বৰনগৰৰ ঐতিহাসিক গৰখীয়া গোসাঁই থান আৰু মইনবড়ী সত্ৰত অসমৰ বাপতি সাহন ভোগালী বিহু পৰম্পৰাগত ভাৱে উদযাপন কৰা হয়৷ প্ৰচলিত প্ৰথাৰে এই বেলি মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত ২৯ পুহৰ পৰা ২ মাঘলৈ বিভিন্ন কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰিবলৈ লৈছে৷ ২৯ পুহ পুৱা ৭ বজাত মেজিত অগ্নি সংযোগৰে উৎসৱৰ শুভ আৰম্ভনি কৰে থান পৰিচালনা সমিতিৰ উপদেষ্টা উদ্ধৱ চন্দ্ৰ তালুকদাৰ, ৰাতিপুৱা ৯ বজাত নাম প্ৰসংগ আৰু ভাগৱত পাঠ কৰে আনন্দ দাসে, পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, পৰিচালক বিশিষ্ট চিত্ৰশিল্পী দিলীপ কুমাৰ নাথ আৰু উৎপল তালুকদাৰে৷ ১১ বজাত নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতা, পৰিচালক ভৱানন্দ দাস পাঠক, ক শাখাত ১ম-৪ ৰ্থ শ্ৰেনীলৈ, খ শাখাত ৫ম ৰ পৰা ৮ম শ্ৰেনীলৈ, গ শাখাত ৯ম শ্ৰেনীৰ পৰা ১২শ শ্ৰেনীলৈ, আবেলি ১-৩০ শ্ৰেনীত প্ৰসাদ বিতৰণ, সন্ধিয়া ৫ বজাত বজাত বন্তি প্ৰজ্বলন, ৫.৩০ বজাত সন্ধ্যা প্ৰসংগ৷ আজি ১ মাঘ পুৱা ৫ বজাত ঊষা কীৰ্তন, নাম- প্ৰসংগ আৰু ভাগৱত পাঠ কৰাৰ পিছতে ৯ বজাত ভক্তি দৰ্পণ উন্মোচন কৰে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যাপক শৈলেন দাসে৷ ১০ বজাত ধৰ্মালোচনা সভা, সভাপতিত্ব কৰে থানৰ সভাপতি হীৰেন মজুমদাৰ, মুখ্য অতিথি বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তী, নিদিৰ্ষ্ট বক্তা বৰপেটাৰোড শাখা শত্ৰৰ সভাপতি ডঃ ধনেশ্বৰ উপস্থিত থাকে৷
২ মাঘ ৫ বজাত ঊষা প্ৰসংগ,৯ বজাত নাম প্ৰসংস আৰু ভাগৱত পাঠ কৰিব ভৱানন্দ পাঠকে৷ ১০ বজাত আইসকলৰ নাম, আবেলি ১-৩০ বজাত প্ৰসাদ বিতৰণ, ৩ বজাত নাম দলৰ অভ্যৰ্থনা আৰু ৫ বজাত সন্ধ্যা প্ৰসংগ আৰু সমূহীয়া হৰিধ্বনিৰে উৎসৱৰ সামৰণি পৰিব৷ ইফালে ঐতিহাসিক
সৰভোগৰ মইনবড়ী সত্ৰত মাঘ বিহু উপলক্ষে আজি দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ন কৰা হয়৷ সত্ৰীয়া পৰম্পৰাৰে ৰাতি পুৱা পাচ বজাত সত্ৰ পৰিচলনা সমিতিৰ সাধাৰন সম্পাদক দশৰথ অধিকাৰীয়ে মেজিত জুই জ্বলাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ কপালত মেজিৰ চাইৰে ফোট লৈ ৰাতিপুৱা  ৯বজাত সমূহ ভকত-বৈষ্ণৱ, আই-মাতৃয়ে সমূহীয়া নাম প্ৰসংগত অংশ লয়৷ সত্ৰৰ ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰী প্ৰভূ জনাৰ পৰিচলনাত অনুষ্ঠিত নাম-প্ৰসংগ, ভাগৱত পাঠ অনুষ্ঠানত হৰি ধ্বনিৰে মূখৰিত হৈ পৰে৷ আজিৰ সমূহ অনুষ্ঠানত সত্ৰখনৰ বুঢ়া সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰী প্ৰভূ, চকাবাউসী সত্ৰৰ সত্ৰাধিকাৰ খগেন মহন্ত প্ৰভূৱে ভক্ত প্ৰান ৰাইজক উপস্থিত থাকি আশীৰ্বাদ প্ৰদান কৰে৷ সত্ৰখনত যোৱা কালি মাঘৰ দোমাহী উপলক্ষে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য, মাধৱদেৱৰ সখি শ্ৰীশ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাৰ ৪৩০ সংখ্যক মৃত্যু তিথি দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়৷ কাইলৈৰ এই অনুষ্ঠানত সত্ৰখনৰ বিভিন্ন স্থানৰ শিষ্য-প্ৰশিষ্য সকলে অংশগ্ৰহন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close