অসমবিশেষশীৰ্ষ

সৰভোগত কালী পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি

ছহিজুল আলী, সৰভোগ

বিগত বৰ্ষবোৰৰ দৰে এইবেলিও সৰভোগ কালি পূজা সমিতিয়ে,২৭ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰীকালী পূজা আৰু মেলা উদযাপন কৰিবলৈ লৈছে৷২৭ অক্টোবৰ সন্ধিয়া ৫.৩০ বজাত শ্ৰীশ্ৰীমা শ্যামা কালীৰ প্ৰতিমা বেদিত স্থাপন,৬.৩০ বজাত পূজাৰ বন্তি প্ৰজ্বলন আৰু দ্বাৰ উন্মোচন,প্ৰজ্বলক আৰু উন্মোচক ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবাল,৬.৪৫ বজাত উন্মোচনী সভা,সভাখন সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতি হিতেন্দ্ৰ কুমাৰ দাসে,মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক তথা বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ কুমাৰ দাস,বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেণ কুমাৰ চক্ৰবৰ্ত্তী আৰু এপিজিচিএলৰ সঞ্চালক শংকৰ দাসে উপস্থিত থাকিব,নিশা ১০.৩০ বজাত বৈদিক প্ৰথাৰে মা কালী দেৱীৰ পূজা-অৰ্চনা,হোম-যজ্ঞ,স্থানীয় আইসকলকৰ নাম৷২৮ অক্টোবৰ সন্ধিয়া ৫.৩০ বজাত দেৱীৰ পূজা অৰ্চনা আৰু আৰতি,৬ বজাত প্ৰভাতী মহিলা নামটি দল(সৰভোগ)আৰু শাহু-বোৱাৰী নামটি(ফেহুৰাখোৱা)দলৰ থিয় নাম প্ৰদৰ্শন৷২৯ অক্টোবৰ ৫.৩০ বজাত দেৱী মাৰ পূজা অৰ্চনা আৰু আৰতি,৬ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান,উন্মোচক বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেণ কুমাৰ চক্ৰবৰ্ত্তী৷৩০ অক্টোবৰ সন্ধিয়া ৫.৩০ বজাত দেৱী মাৰ পূজা-অৰ্চনা আৰু আৰতি,৬ বজাত গোলাপাৰা ছোৱালী নাগাৰা নাম প্ৰদৰ্শন,নিশা ৯ বজাত পুষ্পাঞ্জলি মিনি থিয়েটাৰৰ যাত্ৰাভিনয়৷৩১ অক্টোবৰ পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা(পঞ্চমৰ পৰা দ্বাদশ শ্ৰেনীলৈ),সন্ধিয়া ৫.৩০ বজাত দেৱী মাৰ পূজা-অৰ্চনা আৰু আৰতি,৬ বজাত খাৰাতাল নৃত্য(ভাংনামাৰী),নিশা ৯ বজাত একক আধুনিক নৃত্য প্ৰতিযোগিতা,উন্মোচক সৰভোগ আৰক্ষী থানাৰ পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাস৷


১ নৱেম্বৰ সন্ধিয়া ৫.৩০ বজাত দেৱী মাৰ পূজা-অৰ্চনা আৰু আৰতি,৬ বজাত মহিলাৰ নাগাৰা নাম(ৰামপুৰ),নিশা ৯ বজাত মা লক্ষ্মী মিনি থিয়েটাৰৰ যাত্ৰাভিনয়৷
২ নৱেম্বৰ সন্ধিয়া ৫.৩০ বজাত দেৱী মাৰ পূজা-অৰ্চনা আৰু আৰতি,৬ বজাত ওজাপালি প্ৰদৰ্শন(মুকালমুৱা/নলবাৰী),৯ বজাত শিলিগুৰিৰ পৰা আমন্ত্ৰিত শিল্পীৰ বিচিত্ৰানুষ্ঠান,উন্মোচক বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস কুমাৰ শইকীয়া৷
৩ নৱেম্বৰ সন্ধিয়া ৫.৩০ বজাত দেৱী মাৰ পূজা-অৰ্চনা আৰু আৰতি,৬ বজাত বৰ ঢুলীয়া প্ৰদৰ্শন(নলবাৰী),নিশা বৰ ঢুলীয়াৰ দ্বাৰা নাট প্ৰদৰ্শন৷
৪ নৱেম্বৰ সন্ধিয়া ৫.৩০ বজাত দেৱী মাৰ পূজা অৰ্চনা আৰু আৰতি,৬ বজাত মুখপাত্ৰ শক্তিৰূপা উন্মোচন কৰিব,জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই,উন্মোচনী সভাখন সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতিয়ে,মুখ্য অতিথি হিচাপে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেণ কুমাৰ চক্ৰবৰ্ত্তী,বিশিষ্ট অতিথি হিচাপে গৰখীয়া গোসাঁই থানৰ পৰিচালনা সমিতিৰ সভাপতি হীৰেন মজুমদাৰ উপস্থিত থাকিব,৯ বজাত সৰভোগৰ ইড্যু কালচাৰেল পইন্টৰ বিচিত্ৰানুষ্ঠান,উদ্বোধক অতিৰিক্ত জিলা উপায়ুক্ত পুলক পাটগিৰী৷
৫ নৱেম্বৰ ৫ বজাত দেৱী মাৰ পূজা অৰ্চনা আৰু আৰতি,৮ বজাত ভাৰতৰত্ন ড° ভুপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে বন্তি প্ৰজ্বলন,মাল্যাৰ্পণ আৰু বিশেষ সাংস্কৃতিক অনুষ্ঠান,প্ৰজ্বলক তথা উদ্বোধক বিধায়ক ৰণজিৎ কুমাৰ দাস,সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ,অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান৷
৬ নৱেম্বৰ সন্ধিয়া ৫.৩০ বজাত দেৱী মাৰ পূজা-অৰ্চনা আৰু আৰতি,৬ বজাত আমন্ত্ৰিত ছোৱালীৰ থিয় নাম(অভয়াপুৰী),নিশা ১০ বজাত উপহাৰ কুপন খেল আৰু ১২ বজাত পূজাৰ সমাপ্তি৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close