অসমবিশেষশীৰ্ষ

সৰভোগত “এক্সপ্ল’ৰিকা”ৰ ফটো কেলেণ্ডাৰ প্ৰতিযোগিতা

ছহিজুল আলী, সৰভোগ

সৰভোগৰ এক সামাজিক বেচৰকাৰী সংস্থা “এক্সপ্ল’ৰিকা”ই নতুন প্ৰজন্মক উদগনি জনোৱাৰ উদ্দেশ্যে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে।ইংৰাজী নতুন বৰ্ষ উপলক্ষে সৰভোগৰ আগশাৰীৰ এই সংস্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কেলেণ্ডাৰ ফটো প্ৰতিযোগিতা।ইতিমধ্যে হৈ যোৱা প্ৰতিযোগিতাৰ ঘোষিত ফলাফল অনুসৰি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে টিহুৰ কণমানি দেবাংগ বৈশ্য আৰু দ্বিতীয় স্থান লাভ কৰে সৰভোগৰ নৱদ্বীপ নাথে।


ইফালে আজি সৰভোগৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংগঠনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হয়৷ প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰা টিহুৰ কণমানি দেবাংগ বৈশ্য আৰু  দ্বিতীয় স্থান লাভ কৰা সৰভোগৰ ৰামপুৰ গাঁৱৰ নবদ্বীপ নাথক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। সৰভোগ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত কেবাশতাধিক লোক উপস্থিত থকা উক্ত অনুষ্ঠানত “এক্সপ্ল’ৰিকা”ই প্ৰকাশ কৰা ইংৰাজী নতুন বছৰটোৰ কেলেণ্ডাৰখন উন্মোচন কৰা হয়।কেলেণ্ডাৰখন উন্মোচন কৰে অসমৰ জনপ্ৰিয় কবি কাব্যনীলে৷এই উন্মোচনী সভাত “এক্সপ্ল’ৰিকা”ৰ পৰিচালক নিশান্ত বৰ্মন, জনপ্ৰিয় ৱেব মিডিয়া  এন ই লাইভ ট্যুডেৰ সম্পাদক ছহিজুল আলী, অসমীয়া জনপ্ৰিয় মডেল ইনাক্ষী দাস, পৰিচালন সঞ্চালক গুনজিৎ বসুমতাৰী, এইছ.আৰ মেনেজাৰ ভুদেব চৌধুৰী, মেনেজাৰ গুনিন্দ্ৰ চৌধুৰী সহ কৰ্মকৰ্তা সকল উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close