
অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত বাইহাটা চাৰিআলি স্বৰ্ণ শাখা সাহিত্য সভাৰ যোৱা ১৪ মাৰ্চ আৰু ১৫ মাৰ্চত ষষ্ঠ বিংশতিতম দুদিনীয়াকৈ আলিপূব অধিবেশনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মটিয়া পাহাৰ ৰাস সমন্বয় ক্ষেত্রত সফল সামৰণি পৰে।আঠত্ৰিশ বছৰ গৰকা বাইহাটা চাৰিআলি স্বৰ্ণ শাখাৰ এই আলিপূব অধিবেশনৰ প্ৰথম দিনা হোৱা অসম সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱীয়ে বাইহাটা চাৰিআলি স্বৰ্ণ সাহিত্য সভাৰ বাইহাটা চাৰিআলি স্বৰ্ণ শাখাৰ এই আলিপূব অধিবেশনৰ বুজ লৈ বাইহাটা চাৰিআলি স্বৰ্ণ শাখা সাহিত্য সভাৰ ভৱনৰ প্ৰাংগণত সাহিত্যনুষ্ঠানটোৰ সম্পাদক জিয়াউল হকে আঁত ধৰা আলোচনা সভাখনত উপ-সভাপতি গৰাকীয়ে সাহিত্যনুষ্ঠানটোৰ সক্ৰিয় ভূমিকা ৰ প্ৰশংসা কৰি ভাষা- সাহিত্য চৰ্চা আৰু আধ্যাত্মিকতাৰ ওপৰত বক্তব্য ৰাখে।

অধিবেশন দ্বিতীয় দিনা পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব বাইহাটা চাৰিআলি স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ভৱেশ ডেকাই। ইয়াৰ পিছত স্মৃতি তৰ্পণ কাৰ্যসূচী ত অসম সাহিত্য সভা প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই উপস্থিত হৈ অসমীয়া ভাষা-জাতীয় জীৱনৰ ভেটি গঢ়ি তুলি ইতিমধ্যে ইহসংসাৰ ত্যাগ কৰা শ্ৰদ্ধেয় ব্যক্তি সকলৰ আৰু শ্বহীদ বীৰ সকলৰ স্মৃতি আৰু ৰোমন্থন কৰি কয় যে ৰাইজৰ অনুষ্ঠান অসম সাহিত্য সভাই সদায় বৌদ্ধিক-ভাষা-সাহিত্য সমাজ আদি সকলোবোৰ ক্ষেত্ৰতে সদায় উন্নয়ন বাবে কাম কৰি আহিছে।বৰ্তমানৰ লগতে ভৱিষ্যতেও ইতিবাচক দৃষ্টিভংগীৰে ইয়াৰ মাত্ৰা অধিক উন্নতিৰ দিশে আগবাঢ়ি যাব বুলি মতপোষণ কৰে।এই অনুষ্ঠান নেতৃত্ব প্ৰদান কৰে বাইহাটা চাৰিআলি স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হুচেইন আলী খণ্ডকৰ, পূব কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আয়েজ আলীয়ে।