বিশেষশীৰ্ষস্বাস্থ্য

স্বাস্থ্য ৰক্ষাত আদা

আদা আমি হয়তাে আঞ্জাত মছলা হিচাপে ব্যৱহাৰ কৰাে। হয়তাে কেতিয়াবা চাহত দি চাহকাপ আৰু সােৱাদযুক্ত কৰি তােলাে। কিন্তু এই আদাৰ আছে বহু ওষধি গুণ। এই সন্দৰ্ভত তলত আলােচনা কৰা হ’ল— আদাৰ টুকুৰা বা ৰসৰ সৈতে মিনখ মিহলাই সেৱন কৰক বমিভাৱ নােহােৱা হয়। আদা, ক’লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অৰ্জীণ নিৰাময় হয়। দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলােৱা পানী খালে বুকুৰ জ্বলাপােৰা, এচিডিটি আঁতৰ হ’ব। গৰ্ভৱতী মহিলাৰ পুৱাবেলা হােৱা বমিভাৱ নিৰাময়ত আদা হ’ল উপকাৰী। মহিলাৰ মাহেকীয়াৰ সময়তে হােৱা বিষ (ডিমেনৰিয়া) উপশম ঘটায়। বৃহৎ আস্ত্ৰৰ (ক’লনৰ) কৰ্কট ৰােগত সুৰক্ষা আগবঢ়ায়। স্তনৰ কেঞ্চাৰ, পেনক্ৰিয়াচৰ কেঞ্চাৰ আৰু এভেৰিৰ কেঞ্চাৰ প্ৰতিৰােধ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। এন্টিইনফ্লেমেটৰি গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাঁড়ৰ বিষ কমায়। নানা ধৰণৰ বাত আৰু অষ্টিঅ’ আর্থাইটিচৰ চিকিৎসাত আদা খাবলৈ আৰু ইয়াৰ তেল মালিচ কৰিব পৰামর্শ দিয়া হয়। দৈনিক ২ গ্রাম আদা দহবাৰ দিনে খালে মাংসপেশীৰ বিষ নিৰাময় হয়। আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আতৰ হয়। নিয়মীয়া আদাৰ সেৱন কৰিলে অপকাৰী কলেষ্টেৰল আৰু ট্রাইগ্লিচাৰাইডৰ পৰিমাণ হ্রাস পায়। তেজৰ নলীত চর্বি জমা হ’ব নিদিয়ে। আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে। দাঁতৰ আৰু মুখৰ দুর্গন্ধ দূৰ কৰাত আদা সহায়ক। যিকোনাে শাৰীৰিক দুর্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আঁতৰ হয়। শৌচ কচা আঁতৰাবলৈ আদা, আজৱাইন, নেমুৰ ৰস ক’লা নিমখ মিহলাই খালে উপকৃত হয়। শৌচ কচা আঁতৰাবলৈ আদা, আজৱাইন, নেমুৰ ৰস ক’লা নিমখ মিহলাই খালে উপকৃত হয়। পাইলচৰ ৰােগীৰ বাবে আদা উপকাৰী, কিয়নাে ই শৌচ খােলােচা কৰাত সহায় কৰে। আদাৰ প্রলেপ জুয়েপােৰা অংশত লগালে সােনকালে বিষ আৰু ঘাঁৰ উপশম ঘটে। আদাৰ তেল মিহলােৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close